বিশ্ব বক্সিং কাপ ফাইনেল প্ৰতিযোগিতা আজিৰে পৰা অহা ২০ নৱেম্বৰলৈ নয়দাৰ শ্বহীদ বিজয় সিং পঠিক ক্রীড়া প্ৰকল্পত অনুষ্ঠিত হ’ব। ইয়াৰ পূৰ্বে ব্রাজিল, পোলেণ্ড আৰু কাজাখস্তানত অনুষ্ঠিত তিনিখন বিশ্বকাপৰ পিছত এই বিশ্বকাপ ফাইনেল হৈছে ২০২৫ চনৰ বিশ্ব বক্সিং কাপ ছিৰিজ ছিজনৰ চূড়ান্ত খেল। এই প্রতিযোগিতাত ১৮ খন দেশৰ ১৩০ গৰাকী বক্সাৰে অংশগ্ৰহণ কৰিব। ইয়াৰে ২০টা শাখাত প্ৰতিটোতে বছৰৰ ৮গৰাকী শ্রেষ্ঠ বক্সাৰে অংশগ্ৰহণ কৰে। ভাৰতে আটাইকেইটা শাখাতে প্রতিযোগিতা আগবঢ়াব আৰু মীনাক্ষী, নিখট জানি, জেছমিন আৰু ছৌউটি ব’ৰাৰ দৰে খেলুৱৈয়ো অংশগ্ৰহণ কৰিব। আঘাতৰ বাবে এই প্রতিযোগিতাৰ পৰা লাভলীনা বৰগোহাঁই খেলত অংশগ্ৰহণৰ পৰা বিৰত থকাৰ সিদ্ধান্ত লোৱাৰ বাবে ছৌউটিয়ে এই বছৰ প্ৰথমবাৰৰ বাবে পুনৰ খেললৈ ওভতি আহিছে। এই প্রতিযোগিতাত ভাৰতে ইতিমধ্যে এই বছৰ বিশ্বকাপ ছাৰ্কিটত পদক লাভ কৰা অবিনাশ জামুৱাল আৰু হিতেশৰ পৰা আৰু পদক জয়ৰ আশা কৰিছে।
Assamese | November 16, 2025 11:31 AM | World Boxing cup Finals
নয়দাৰ শ্বহীদ বিজয় সিং পঠিক ক্রীড়া প্ৰকল্পত ১৮ খন দেশৰ ১৩০ গৰাকী বক্সাৰে বিশ্ব বক্সিং কাপ ফাইনেল প্ৰতিযোগিতা অংশগ্ৰহণ কৰিব