আয়ুষ মন্ত্রালয়ে নতুন দিল্লীৰ সৰ্বভাৰতীয় আয়ুর্বেদিক প্ৰতিষ্ঠানত আজি সাধাৰণ বীমা কোম্পানী আৰু আয়ুষ হাস্পতালৰ স্বতাধিকাৰীসকলৰ বাবে এলানি সংবেদনশীলতা কাৰ্যসূচীৰ আয়োজন কৰিছে। মন্ত্রালয়ে এটা বিবৃতিযোগে প্ৰকাশ কৰে যে এই কাৰ্যসূচীয়ে জনসাধাৰণৰ বাবে আয়ুষ চিকিৎসা সহজলভ্য আৰু ব্যয়ৰ ক্ষেত্ৰত সমৰ্থ বৃদ্ধি কৰাই নহয়, বৰঞ্চ সমগ্ৰ দেশতে বীমাৰ জৰিয়তে এই চিকিৎসাৰ সুবিধা ৰাজহুৱা আৰু ব্যক্তিগত আয়ুষ হাস্পতালসমূহতো প্রদান কৰিছে। এই কাৰ্যসূচীত স্বাস্থ্য বীমা আঁচনিসমূহত আয়ুষ চিকিৎসাৰ ক্ষেত্ৰত প্ৰয়োজনীয় কিছু নীতিৰ বিষয়ে আলোচনা কৰা হ’ব। লগতে আয়ুস চিকিৎসাৰ প্ৰত্যাহ্বান আৰু সুযোগ দুয়োটাৰে মোকাবিলা কৰিবলৈ অংশীদাৰসকলৰ মাজত আলোচনাৰ সুবিধাও প্রদান কৰা হ’ব। আলোচনাৰ আন আন বিষয়সমূহ হ’ল আয়ুষ খণ্ডত বীমাৰ অন্তৰ্ভুক্তি, বীমা খণ্ডৰ বাবে চিকিৎসাৰ নিৰ্দেশনা প্রদান, বীমা খণ্ডত আয়ুস ব্যৱহাৰ, আয়ুষ হাস্পতালৰ কৰণীয়, সৰ্বভাৰতীয় আয়ুৰ্বদিক প্ৰতিষ্ঠানৰ সফলতা ইত্যাদি।
Assamese | May 27, 2024 12:26 PM | Aysh ministry
নতুন দিল্লীৰ সৰ্বভাৰতীয় আয়ুর্বেদিক প্ৰতিষ্ঠানত আয়ুষ মন্ত্রালয়ৰ এলানি সংবেদনশীলতা কাৰ্যসূচী