নতুন দিল্লীয়ে পশ্চিম এছিয়াৰ পৰিস্থিতি পুংখানুপুংখভাৱে নিৰীক্ষণ কৰি থকা বুলি প্ৰকাশ কৰি নিৰাপদ আৰু নিৰ্বিঘ্নে নৌ পৰিবহন তথা হৰমুজ প্রণালীৰ মাজেৰে বাণিজ্যিক প্ৰবাহৰ বাবে আহ্বান জনাইছে। নতুন দিল্লীত সংবাদ মাধ্যমক এই বিষয়ে অৱগত কৰি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছৱালে কয় যে সমগ্ৰ বিশ্বৰ লোকসকলৰ অৰ্থনৈতিক আৰু শক্তি সুৰক্ষা নিশ্চিত কৰাৰ বাবে এই আহ্বান জনোৱা হৈছে। শ্ৰীজয়ছৱালে কয় যে নতুন দিল্লীয়ে তেহৰাণৰ প্ৰতি গভীৰ উদ্বেগ প্রকাশ কৰিছে। ভাৰতে এই আক্রমণসমূহ অতি সোনকালে বন্ধ কৰিব লাগে বুলি উল্লেখ কৰি এই বিষয়ত ইৰাণৰ পক্ষ লৈ নিজৰ কঠোৰতম প্ৰতিবাদ সাব্যস্ত কৰিছে। দুয়োপক্ষই আলোচনাৰ মাজেৰে পশ্চিম এছিয়াৰ শান্তি আৰু নিৰাপত্তা নিশ্চিত কৰাৰ বাবে ভাৰতে আশা প্ৰকাশ কৰিছে।
Assamese | July 14, 2026 9:03 PM | Randhir joyshwal
নতুন দিল্লীয়ে পশ্চিম এছিয়াৰ পৰিস্থিতি পুংখানুপুংখভাৱে নিৰীক্ষণ কৰি থকা বুলি ৰণধীৰ জয়ছৱালৰ প্ৰকাশ