সংসদৰ উভয় সদনৰ সদস্যক লৈ গঠিত যুটীয়া সংসদীয় কমিটীয়ে কালি নতুন দিল্লীত ৱাক্ফ সংশোধনী বিধেয়কক লৈ আলোচনা কৰে। লোকসভাৰ সাংসদ জগদম্বিকা পালৰ অধ্যক্ষতাত অনুষ্ঠিত এই বৈঠকত বিধেয়কখন সন্দৰ্ভত সংখ্যালঘু মন্ত্ৰ্যালয়ৰ প্ৰতিনিধিৰ মৌখিক সাক্ষ্য গ্রহণ কৰা হয়। ৱাক্ফ বোৰ্ডৰ কার্যপ্ৰণালীৰ ত্ৰুটি দূৰ কৰা আৰু ৱাক্ফ সম্পত্তিৰ প্ৰশাসন আৰু ব্যৱস্থাপনাৰ দক্ষতা বৃদ্ধিয়ে ৱাক্ফ সংশোধনী বিধেয়কৰ মূল উদ্দেশ্য। যুটীয়া সংসদীয় কমিটীয়ে বিধেয়কখন চালি-জাৰি চাই সংসদৰ শীতকালীন অধিবেশনত নিজৰ প্ৰতিবেদন দাখিল কৰাৰ কথা আছে।
Assamese | October 16, 2024 11:24 AM | 2024 | Waqf (Amendment) Bill
নতুন দিল্লীত ৱাক্ফ সংশোধনী বিধেয়কক লৈ যুটীয়া সংসদীয় কমিটীৰ আলোচনা