কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমনে আজি নতুন দিল্লীত ২০২৬-২৭ বিত্তীয় বৰ্ষত কেন্দ্রীয় বাজেট সন্দৰ্ভত বেংকিং, বিত্তীয় সেৱা আৰু বীমা খণ্ডৰ বিশেষজ্ঞসকলৰ সৈতে সপ্তম প্রাক বাজেট আলোচনাত মিলিত হয়। বৈঠকত বিত্ত ৰাজ্য মন্ত্ৰী পংকজ চৌধুৰী, অৰ্থনৈতিক পৰিক্ৰমা বিভাগৰ সচিব, কেন্দ্ৰীয় চৰকাৰৰ মুখ্য অর্থনৈতিক উপদেষ্টা আৰু মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে। বিত্ত মন্ত্ৰালয়ে সাধাৰণতে বাজেট দাখিলৰ পূৰ্বে প্ৰত্যেক বছৰে বিশেষজ্ঞ, উদ্যোগ জগতৰ কাণ্ডাৰী, অর্থনীতিবিদ আৰু ৰাজ্যিক বিষয়াসকলৰ সৈতে কেইবালানিও প্রাক্ বাজেট পৰামৰ্শ বৈঠকত মিলিত হয়। কেন্দ্রীয় বাজেটত বিভিন্ন দৃষ্টিভংগী আৰু অৰ্থনৈতিক অগ্ৰাধিকাৰৰ প্ৰতিফলন ঘটাটো সুনিশ্চিত কৰাই এনে আলোচনাৰ মূল উদ্দেশ্য৷
Assamese | November 19, 2025 9:49 PM | meeting nirmala
নতুন দিল্লীত ২০২৬-২৭ বিত্তীয় বৰ্ষৰ কেন্দ্রীয় বাজেট সন্দৰ্ভত বেংকিং, বিত্তীয় সেৱা আৰু বীমা খণ্ডৰ বিশেষজ্ঞসকলৰ সৈতে কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমনে সপ্তম প্রাক বাজেট আলোচনা