নতুন দিল্লীত আজি সামগ্ৰী আৰু সেৱা কৰ পৰিষদৰ ৫৬ সংখ্যক বৈঠক আৰম্ভ হ’ব। কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমনে এই দুদিনীয়া বৈঠকৰ অধ্যক্ষতা কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিগত স্বাধীনতা দিৱসৰ দিনা কৰা ঘোষণা অনুসৰি এইবেলি বৈঠকত ভাৰতৰ পৰৱৰ্তী প্ৰজন্মৰ সামগ্ৰী আৰু সেৱাকৰ সংস্কাৰ সন্দৰ্ভত বিশেষ আলোচনা কৰা হ’ব বুলি আশা কৰা হৈছে। এই সংস্কাৰে সাধাৰণ জনতা, কৃষক, মধ্যবিত্ত শ্ৰেণীৰ লোক, অতি ক্ষুদ্র, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগসমূহৰ বাবে সকাহ আনিব বুলি শ্রীমোদীয়ে ইতিমধ্যে উল্লেখ কৰিছে।
Assamese | September 3, 2025 12:24 PM | gst meeting
নতুন দিল্লীত সামগ্ৰী আৰু সেৱা কৰ পৰিষদৰ ৫৬ সংখ্যক বৈঠক