নতুন দিল্লীত শেহতীয়াকৈ হৈ থকা প্রতিবাদী কার্যকলাপ নিয়ন্ত্ৰণৰ বাবে গৃহ মন্ত্র্যালয়ে বিশেষ পদক্ষেপ

নতুন দিল্লীত শেহতীয়াকৈ হৈ থকা প্রতিবাদী কার্যকলাপ নিয়ন্ত্ৰণৰ বাবে গৃহ মন্ত্র্যালয়ে বিশেষ পদক্ষেপ গ্রহণ কৰিছে। মুখ্য নির্বাচন আয়ুক্তৰ অপসাৰণৰ দাবীৰে চলি থকা প্রতিবাদ সন্দৰ্ভত শনিবাৰে দিল্লী আৰক্ষীৰ সৈতে গৃহমন্ত্রী অমিত শ্বাহ এখন বৈঠকত মিলিত হয়। দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাইয়ো এই বৈঠকত অংশগ্ৰহণ কৰে। বৈঠকত দিল্লী আৰক্ষীৰ সকলো বিশেষ আয়ুক্তই অংশগ্ৰহণ কৰে।

গৃহমন্ত্ৰীৰ অধ্যক্ষতাত অনুষ্ঠিত এই বৈঠকত দিল্লীৰ আইন শৃংখলা পৰিস্থিতি সন্দৰ্ভত আলোচনা কৰাৰ লগতে ড্ৰাগছ সৰবৰাহ, বিদেশৰ পৰা গেং ষ্টাৰৰ দ্বাৰা পৰিচালিত অপৰাধমূলক কার্যকলাপ, নাৰী সুৰক্ষা আদি বিষয়টো বিশেষভাৱে আলোচনা কৰা হয়। বৈঠকত দিল্লী আৰক্ষীয়ে শেহতীয়া প্রতিবাদ সন্দৰ্ভত ৰুজু কৰা গোচৰ আদি গৃহমন্ত্ৰীগৰাকীৰ ওপৰত বিতংভাৱে দাখিল কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।