October 9, 2026 11:05 AM | Summit

printer

নতুন দিল্লীত মহিলা আৰু শিশু বিকাশ বিভাগৰ দুদিনীয়া শীর্ষ সন্মিলনৰ সামৰণি অনুষ্ঠান

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত মহিলা আৰু শিশু বিকাশ বিভাগৰ দুদিনীয়া শীর্ষ সন্মিলনৰ সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰিব। কালি আৰম্ভ হোৱা এই সন্মিলনত সকলো ৰাজ্যৰ ৰাজনৈতিক নেতা আৰু মহিলা তথা শিশুৰ বিকাশৰ সৈতে জড়িত বিষয়াসকলে অংশ লৈছে। সহযোগিতামূলক যুক্তৰাষ্ট্ৰবাদ সুদৃঢ় কৰা, ৰাষ্ট্ৰীয় অগ্রাধিকাৰৰ প্ৰতি সমূহীয়া দায়িত্বৰ ভাবনাৰ প্ৰসাৰ আৰু কেন্দ্ৰ তথা ৰাজ্যৰ মাজত উন্নত সমন্বয়েৰে লক্ষ্যত উপনীত হোৱাৰ প্ৰক্ৰিয়া ত্বৰান্বিত কৰাৰ উদ্দেশ্যে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে গ্ৰহণ কৰা পৰিকল্পনা অনুযায়ী আয়োজন কৰা বিভাগীয় শীর্ষ সন্মিলন শৃংখলাৰ এয়া দ্বিতীয়খন সন্মিলন। এই সন্মিলনত পৰিপুষ্টি, প্ৰাৰম্ভিক শিক্ষা, শিশুৰ সুৰক্ষা, মহিলাৰ সুৰক্ষা আৰু সৱলীকৰণকে ধৰি চাৰিটা মূল বিষয়ত গুৰুত্ব আৰোপ কৰা হৈছে।