ভূটানৰ শক্তি আৰু প্ৰাকৃতিক সম্পদ মন্ত্রী লিয়নপ’ জেম ছেৰিঙে আজি নতুন দিল্লীত কেন্দ্ৰীয় শক্তি মন্ত্ৰী মনোহৰ লালক সাক্ষাৎ কৰে। দুয়োগৰাকী মন্ত্ৰীয়ে বৈঠকত জলবিদ্যুৎ খণ্ডত দুয়োখন দেশৰে বহুদিনীয়া সহযোগিতাক অধিক শক্তিশালী কৰি তোলাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰে। দুয়োপক্ষই লগতে পুনা ৱান জলবিদ্যুৎ প্ৰকল্পৰ উৎপাদন ক্ষমতা বৃদ্ধি কৰাৰ উদ্দেশ্যে দুয়ো দেশৰ মাজৰ সহযোগিতা সুদৃঢ় কৰাৰ বিষয় লৈও আলোচনা কৰে। আলোচনাকালত মনোহৰ লালে ভূটানৰ সৈতে জলবিদ্যুৎ উন্নয়নৰ গতি ত্বৰান্বিত কৰাৰ ক্ষেত্ৰত ভাৰতৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ কথা দোহাৰে। তেওঁ লগতে সহযোগিতাৰ এই জটিল ক্ষেত্ৰত দেশখনলৈ পূৰ্ণ সমৰ্থন আগবঢ়োৱাৰ আশ্বাস প্ৰদান কৰে।
Assamese | October 18, 2024 9:01 PM | Indo-Bhutan
নতুন দিল্লীত ভূকেন্দ্ৰীয় শক্তি মন্ত্ৰী মনোহৰ লালক টানৰ শক্তি মন্ত্ৰীৰ সাক্ষাৎ