বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড° এছ জয়শংকৰ আৰু ইউক্রেইনৰ বিদেশ মন্ত্ৰী ডিমাইট্ৰ’ কুলেবা নতুন দিল্লীত বৈঠকত মিলিত হৈছে। দুয়োগৰাকী মন্ত্ৰীয়ে পাৰস্পৰিক স্বাৰ্থৰ আঞ্চলিক আৰু গোলকীয় বিষয়সমূহত দ্বিপাক্ষিক অংশীদাৰিত্ব আৰু সহযোগিতাৰ বিষয়ে আলোচনা কৰিছে। উল্লেখযোগ্য যে ইউক্ৰেইনৰ বিদেশ মন্ত্ৰী ডিমাইট্ৰ’ কুলেবা দুদিনীয়া ভ্রমণসূচীৰে কালি নতুন দিল্লীত উপস্থিত হৈছিল। এই ভ্ৰমণৰ সময়ত শ্ৰী কুলেবাই বৈদেশিক পৰিক্ৰমা মন্ত্ৰী আৰু উপ-ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টাৰ সৈতে আনুষ্ঠানিক বৈঠককে ধৰি কেইবাটাও বিষয়ত আলোচনাত মিলিত হোৱাৰ কথা।
Assamese | March 29, 2024 7:50 PM | Jaysankar
নতুন দিল্লীত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড° এছ জয়শংকৰ আৰু ইউক্রেইনৰ বিদেশ মন্ত্ৰী ডিমাইট্ৰ’ কুলেবাৰ বৈঠক