কেন্দ্ৰীয় গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী মনোহৰ লালে কৈছে যে প্রধানমন্ত্রী আৱাস যোজনাৰ দ্বিতীয় সংস্কৰণৰ জৰিয়তে প্ৰতিটো দৰিদ্ৰ পৰিয়ালৰ পকী ঘৰৰ সপোন পূৰ্ণ হ’ব। নতুন দিল্লীত প্ৰধানমন্ত্ৰী নগৰীয়া আৱাস যোজনাৰ দ্বিতীয় সংস্কৰণৰ সন্দৰ্ভত অনুষ্ঠিত এখন ৰাষ্ট্ৰীয় কৰ্মশালা উদ্বোধন কৰি মন্ত্ৰীগৰাকীয়ে কয় যে এই আচনিয়ে প্রতক্ষ আৰু পৰোক্ষভাবে ৩ কোটিতকৈও অধিক নিয়োগৰ সুবিধা সৃষ্টি কৰিছে। তেওঁ এই আঁচনিৰ ফলপ্ৰসূ ৰূপায়ণ ওপৰত গুৰুত্ব আৰোপ কৰাৰ লগতে সমাজৰ প্ৰতিটো দৰিদ্ৰ পৰিয়ালে যাতে ইয়াৰ সুবিধা লাভ কৰিব পাৰে সেয়া নিশ্চিত কৰিবলৈ সংশ্লিষ্ট পক্ষসমূহক আহ্বান জনায়।
Assamese | November 19, 2024 12:35 PM | Manohar Lal
নতুন দিল্লীত প্ৰধানমন্ত্ৰী নগৰীয়া আৱাস যোজনাৰ দ্বিতীয় সংস্কৰণৰ সন্দৰ্ভত ৰাষ্ট্ৰীয় কৰ্মশালা