নতুন দিল্লীৰ আই টি অ’ৰ ইন্দিৰা গান্ধী ইন্দোৰ ষ্টেডিয়ামত কালি অনুষ্ঠিত হৰিতালিকা তীজ মহোৎসৱ ২০২৬ত নেপালীভাষী গোর্খা সম্প্ৰদায়ৰ লোকসকলৰ সংস্কৃতি, পৰম্পৰা আৰু সামুহিক পৰিচয়ৰ দিনজোৰা উৎসৱ অনুষ্ঠিত হয়।
দিল্লী চৰকাৰৰ সহযোগত হাসো স্বাভিমান ট্রাষ্টৰ দ্বাৰা এই কাৰ্যসূচীৰ আয়োজন কৰা হয়। অনুষ্ঠানত দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তা, কেবিনেট মন্ত্রী কপিল মিশ্র তথা যোগ গুৰু বাবা ৰামদেৱ উপস্থিত থাকে।
সমাৱেশত অংশগ্ৰহণ কৰি ৰাজ্য চৰকাৰৰ গোর্খা উন্নয়ন পৰিষদৰ অধ্যক্ষ প্ৰেম তামাঙে কয়, যে তীজ কেবল এটা উৎসবেই নহয়, বৰঞ্চ এয়া আস্থা, পৰম্পৰা, সংস্কৃতি আৰু নিজৰ শিপাৰ সৈতে সংযোগ স্থাপন কৰা এক আৱেগিক সেতু। এই কাৰ্যসূচী বাস্তৱায়িত কৰি তোলাৰ বাবে শ্রী তামাঙে দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তা, মন্ত্রী কপিল মিশ্র, যোগ গুৰু বাবা ৰামদেৱ তথা আচাৰ্য বালকৃষ্ণক ধন্যবাদ জ্ঞাপন কৰে।
শ্রী তামাঙে নতুন প্ৰজন্মৰ মাজত সাংস্কৃতিক সম্পৰ্ক ধৰি ৰখাৰ প্ৰয়োজনীয়তাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰি কয়, যে এই উৎস সংস্কৃতি, পৰম্পৰা আৰু একতাৰ মহোৎসৱ হিচাপে পৰিগণিত হৈছে।