প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত দেশখনে সাংস্কৃতিক নৱজাগৰণৰ এটা পৰ্যায়ৰ মাজেৰে গতি কৰিছে। নতুন দিল্লীত অনুষ্ঠিত জ্ঞান ভাৰতম্ আন্তৰাষ্ট্ৰীয় সন্মিলন উদ্বোধন কৰি কেন্দ্ৰীয় সাংস্কৃতিক মন্ত্রী গজেন্দ্র সিং শেখাৱটে এই কথা ব্যক্ত কৰে। জ্ঞান ভাৰতম্ হৈছে ভাৰতৰ প্ৰাচীন পাণ্ডুলিপিৰ ঐতিহ্য সংৰক্ষণ, ডিজিটাইজেচন আৰু প্ৰচাৰৰ বাবে উৎসর্গিত এটা পদক্ষেপ। শ্ৰী শেখাৱটে কয় যে জ্ঞান ভাৰতম্ অভিযানৰ লক্ষ্য হৈছে ভাৰতৰ পাণ্ডুলিপিক ভৱিষ্যতৰ বাবে সংৰক্ষণ কৰা। মন্ত্ৰীগৰাকীয়ে জনোৱা অনুসৰি, এই অভিযানৰ অধীনত ২৫ টা ক্লাষ্টাৰ,২০ টা আঞ্চলিক কেন্দ্ৰ আৰু দহটা উৎকৃষ্টতাৰ কেন্দ্ৰৰ বাবে পৰিকল্পনা কৰা হৈছে । হাজাৰ হাজাৰ বছৰৰ আগতে সৃষ্টি হোৱা জীৱনৰ সৈতে জড়িত সেই সকলো শিক্ষা এতিয়াও মানৱ জাতি তথা পৰিৱেশৰ বাবে উপযোগী। এই সন্মিলনখনত দেশী-বিদেশী পণ্ডিত,বিশেষজ্ঞ, প্রতিষ্ঠান আৰু সাংস্কৃতিক অনুশীলনকাৰীকে ধৰি এহাজাৰ এশৰো অধিক অংশগ্ৰহণকাৰীয়ে ভাগ লয়।
Assamese | September 11, 2025 8:35 PM | Gajendra Singh Sekhawat
নতুন দিল্লীত জ্ঞান ভাৰতম্ আন্তৰাষ্ট্ৰীয় সন্মিলন উদ্বোধন