বিজ্ঞান আৰু সমাজ একেলগে বিকশিত হোৱাৰ ফলস্বৰূপে প্রযুক্তি বৰ্তমান মানুহৰ জীৱনৰ অবিচ্ছেদ্য অংশ হৈ পৰিছে। কেন্দ্রীয় আইন আৰু ন্যায় ৰাজ্য মন্ত্রী অর্জুন ৰাম মেঘৱালে নতুন দিল্লীত কালি অনুষ্ঠিত গ্রন্থ মুকলি অনুষ্ঠানত অংশগ্ৰহণ কৰি এইদৰে কয়। মন্ত্ৰীগৰাকীয়ে এই অনুষ্ঠানত ভাষণ দি কয়, যে কৃত্রিম বুদ্ধিমত্তা সুযোগলৈ ৰূপান্তৰ কৰা আৰু ভাৰতীয় সভ্যতা তথা ইয়াৰ সাংস্কৃতিক ঐতিহ্য সংৰক্ষণ কৰাটো মূল প্রত্যাহ্বান হৈ পৰিছে। তেওঁ কয়, যে কৃত্রিম বুদ্ধিমত্তাৰ জৰিয়তে দেশৰ সৰ্বাত্মক আৰু বহনক্ষম বিকাশত গুৰুত্ব দিয়া উচিত। তেওঁ লগতে কয়, যে প্রযুক্তিগত উন্নতি ভাৰতৰ সাংস্কৃতিক মূল্যবোধ আৰু ৰাষ্ট্ৰীয় অগ্ৰাধিকাৰ প্ৰাপ্ত বিষয়ৰ সৈতে সমন্বিত কৰা উচিত যাতে ই ৰাষ্ট্ৰ নিৰ্মাণৰ বৃহৎ লক্ষ্য পূৰণত সেৱা আগবঢ়াব পাৰে।
এই অনুষ্ঠানতে অংশগ্রহণ কৰি মহিলা আৰু শিশু বিকাশ মন্ত্ৰ্যালয়ৰ ৰাজ্য মন্ত্ৰী সাৱিত্রী ঠাকুৰে কয়, যে মহিলাসকলে নতুন প্রযুক্তি ব্যৱহাৰৰ ক্ষেত্ৰতে আবদ্ধ হৈ থাকিব নালাগে, বৰং তেওঁলোকে নিজৰ বিকাশৰ ক্ষেত্ৰতো সক্রিয়ভাবে অংশগ্রহণ কৰিব লাগে। তেওঁ লগতে কয়, যে প্রযুক্তিগত উদ্ভাৱনৰ ক্ষেত্ৰত মহিলাসকল অধিকভাৱে জড়িত হোৱাৰ প্ৰয়োজন আছে আৰু যাতে ইয়াৰ জৰিয়তে এখন সর্বাত্মক আৰু সবল সমাজ গঢ়াৰ দিশত বৰঙণি আগবঢ়োৱা উচিত। তেওঁ কয়, যে ইণ্ডিয়া এ আই মিছনৰ অধীনত চৰকাৰে এ আই সম্বন্ধিয় আন্তঃগাঁথনি শক্তিশালী কৰি সমগ্র দেশতে শক্তিশালী কৃত্রিম বুদ্ধিমত্তাৰ পৰিবেশতন্ত্র গঢ়ি তুলিছে।