প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত এছিয়ান ডেভেলপমেণ্ট বেংকৰ অধ্যক্ষ মাছাটো কাণ্ডাৰ সৈতে এখন বিশেষ বৈঠকত মিলিত হয়। সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত প্রধানমন্ত্ৰীগৰাকীয়ে কয়, যে বিগত এটা দশকত ভাৰতৰ দ্ৰুত পৰিৱৰ্তনে অগণন লোকক সবল আৰু শক্তিশালী কৰি তুলিছে আৰু এই যাত্ৰা অধিক ত্বৰান্বিত কৰাৰ লক্ষ্যৰে আমি কাম কৰি আছো। বৈঠকৰ অনাগত সময়ছোৱাত দেশৰ উন্নয়নৰ বাবে আগবঢ়াই নিবলগীয়া বিষয়সমূহ বিতংভাৱে আলোচনা কৰা হয়। বেংকৰ অধ্যক্ষ মাছাটো কাণ্ডাই জনোৱা মতে দিল্লী পৌৰসভাৰ আন্তঃগাঁথনি উন্নয়ন, মেট্ৰ ৰে’লৰ পৰিসৰৰ সম্প্ৰসাৰণ আৰু মহানগৰখনৰ অন্যান্য সেৱাসমূহ আধুনিকীকৰণৰ বাবে ১০০ কোটি মার্কিন ডলাৰ বিনিয়োগ কৰিব। সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত বেংকৰ অধ্যক্ষ কাণ্ডাই কয়, যে বিকশিত ভাৰত ২০৪৭ দৃষ্টিভংগী অতি শক্তিশালী আৰু এছিয়ান ডেভেলপমেণ্ট বেংকে এই দৃষ্টিভংগীক সমৰ্থন কৰি যাব। ভাৰত এছিয়ান ডেভেলপমেণ্ট বেংকৰ অন্যতম অংশীদাৰ বুলি উল্লেখ কৰি তেওঁ কয়, যে ৰাজহুৱা আৰু ব্যক্তিগত খণ্ডৰ বিত্তীয় সাহায্য বৃদ্ধি কৰাৰ লগতে পুঁজি একত্ৰিত কৰি ২০৪৭ চনৰ ভিতৰত ভাৰতৰ উন্নত ৰাষ্ট্ৰ হোৱাৰ সপোন সাৰ্থক কৰিবলৈ এছিয়ান ডেভেলপমেণ্ট বেংক সদায়ে সাজু হৈ আছে।
Assamese | June 1, 2025 7:47 PM | PM Modi with Chairman with Asian Development Bank
নতুন দিল্লীত এছিয়ান ডেভেলপমেণ্ট বেংকৰ অধ্যক্ষ মাছাটো কাণ্ডাৰ সৈতে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিশেষ বৈঠক