নতুন দিল্লীত ইমার্জিং ছায়েন্স টেকনালজী এন্ড ইনভেছন কনক্লেভ ২০২৬ৰ শুভাৰম্ভ

কেন্দ্রীয় বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্রী জিতেন্দ্র সিঙে কয়, যে চৰকাৰে বিজ্ঞান, প্রযুক্তি আৰু উদ্ভাৱনৰ বিকাশ ত্বৰান্বিত কৰাৰ বাবে নতুন পদ্ধতি গ্রহণ কৰিছে। ড০ সিঙে আজি নতুন দিল্লীত ইমার্জিং ছায়েন্স টেকনালজী এন্ড ইনভেছন কনক্লেভ ২০২৬ৰ পূৰ্বাৱলোকন অনুষ্ঠানৰ শুভাৰম্ভ কৰে। তেওঁ কয়, যে এই অনুষ্ঠানে ষ্টার্টআপ, বিজ্ঞানী, উদ্যোগী আৰু নীতি নির্ধাৰককে ধৰি বিভিন্ন অংশীদাৰক উমৈহতীয়া মঞ্চত একত্ৰিত কৰিব। আজিৰ বিজ্ঞান কেবল বিজ্ঞানীৰ মাজতেই আৱদ্ধ হৈ থাকিব নোৱাৰে বুলিও কেন্দ্রীয় মন্ত্ৰীগৰাকীয়ে প্রকাশ কৰে। তেওঁ কয়, যে বৈজ্ঞানিক গবেষণা সফল, বহনক্ষম আৰু বাণিজ্যিকভাবে সম্ভৱপৰ কৰি তুলিবলৈ যোগাযোগ, পৰিচালনা আৰু বজাৰ ব্যৱস্থাও সমানেই গুৰুত্বপূর্ণ। তিনি দিনীয়া এই সম্মিলন চলিত মাহৰ ২৭ তাৰিখৰ পৰা ২৯ তাৰিখলৈ নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত হ’ব।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।