বিদেশ মন্ত্ৰী ড° এছ জয়শংকৰে কৈছে যে আফ্ৰিকা ভাৰতৰ বাবে সর্বোচ্চ অগ্রাধিকাৰৰ বিষয় হৈ থাকিব। নতুন দিল্লীত কালি আফ্ৰিকা দিৱস উদযাপন অনুষ্ঠানত ভাষণ দি মন্ত্ৰীগৰাকীয়ে এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে আফ্ৰিকাৰ সৈতে ভাৰতৰ সহযোগিতা কৌশলগত উদ্বেগ আৰু অৰ্থনৈতিক লাভালাভৰ উৰ্ধৰ। তেওঁ কয় যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দহ দফীয়া পথ প্ৰদৰ্শক নীতি প্ৰস্তুত কৰি আফ্ৰিকাৰ সৈতে ভাৰতৰ সম্পৰ্ক নতুন গতি প্ৰদান কৰিছে।
Assamese | June 26, 2024 10:22 AM | Africa Day
নতুন দিল্লীত আফ্ৰিকা দিৱস উদযাপন অনুষ্ঠানত মন্ত্ৰী ড° এছ জয়শংকৰৰ ভাষণ