কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী জে পি নাড্ডাই আজি নতুন দিল্লীত পি এম এছ এম এৰ ১০ বছৰ- যতনৰ এটা যুগ উপলক্ষে দেশজোৰা উদযাপন কাৰ্যসূচীৰ শুভাৰম্ভ কৰিব। প্ৰধানমন্ত্রী সুৰক্ষিত মাতৃত্ব অভিযানৰ সফল ৰূপায়ণৰ ১০ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে এই অভিযান মুকলি কৰা হ’ব। চৰকাৰৰ এটা অন্যতম ধবজাবাহী উদ্যম পি এম এছ এম এৰ লক্ষ্য হৈছে- সুৰক্ষিত গৰ্ভাৱস্থা আৰু সুস্থ মাতৃত্ব।
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ সকলো গৰ্ভৱতী মহিলাক বিনামূলীয়া আৰু গুণগত স্বাস্থ্য যতন সুনিশ্চিত কৰাৰ উদ্দেশ্যে ২০১৬ চনৰ ৯ জুনত এই আঁচনিৰ শুভাৰম্ভ কৰিছিল। উদযাপনৰ অংশ হিচাপে দেশৰ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ গৰ্ভৱতী মহিলা আৰু তেওঁলোকৰ পৰিয়ালসমূহৰ বাবে এই আঁচনিৰ অধীনত ৯টা বিনামূলীয়া সেৱা সুনিশ্চিত কৰাৰ উদ্দেশ্যে সজাগতামূলক বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হ’ব। আজিৰ এই কার্যসূচী উপলক্ষে ৭৫ টকা মূল্যৰ এটা বিশেষ স্মাৰক মুদ্ৰা আৰু পাঁচ টকাৰ এটা ডাক টিকটো উন্মোচন কৰা হ’ব।