July 20, 2026 10:20 AM | cm assam bhawan

printer

নতুন দিল্লীত অসম ভৱন, কাৰ্বি ভৱন, ডিমাচা ভৱনকে ধৰি ৭টা উৎসর্গিত ভৱন নিৰ্মীয়মাণ অৱস্থাত আছেঃ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

দেশৰ ৰাজধানী ভ্ৰমণ কৰা অসমৰ লোকসকলৰ সুবিধার্থে নতুন দিল্লীত অসম ভৱন, কাৰ্বি ভৱন, ডিমাচা ভৱনকে ধৰি ৭ টা উৎসর্গিত ভৱন নিৰ্মীয়মান অৱস্থাত আছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কালি নতুন দিল্লীত এই কথা সদৰি কৰে। 

দিল্লীৰ দ্বাৰকাত নতুন প্রকল্পক্ষেত্ৰ পৰিদৰ্শন কৰি মুখ্যমন্ত্ৰীয়ে কয়, যে এই ক্ষেত্ৰতে দিল্লীস্থিত অসমীয়াসকলৰ বাবে বিবাহৰ স্থান, নামঘৰৰ সৈতে কমেও ১০০ টা কোঠাযুক্ত প্রকল্প আৰম্ভ কৰা হ’ব। মুখ্যমন্ত্ৰীয়ে কয়, যে ৰাজ্য চৰকাৰে কেৱল অসমতে আন্তঃগাঁথনি নির্মাণ সীমাৱদ্ধ ৰখা নাই, বৰং ৰাজ্যবাসীৰ সুবিধা হোৱাকৈ অন্য ৰাজ্যতো আটকধুনীয়া অসম ভ্রমণ নির্মাণত গুৰুত্ব আৰোপ কৰিছে। 

দেশৰ ভিন ভিন প্ৰান্ত ভ্ৰমণ কৰা ৰাজ্যৰ জনসাধাৰণৰ সুবিধা হোৱাকৈ কেইবাটাও অসম ভৱন নিৰ্মাণৰ প্ৰকল্প ৰূপায়ণ কৰা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। কলকাতাতো পুৰণি অসম ভৱনৰ ঠাইত এটা বৃহৎ ভৱন নিৰ্মাণৰ কাম চলি আছে বুলি তেওঁ কয়।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।