September 28, 2026 9:26 PM

printer

নগাঁও সংসদীয় সমষ্টিৰ উপ নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ৬ অক্টোবৰৰ ভোটগ্ৰহণৰ দিনা ৰাজ্য চৰকাৰৰ ৰাজহুৱা বন্ধৰ ঘোষণা

নগাঁও সংসদীয় সমষ্টিৰ উপ নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত নগাঁও সংসদীয় সমষ্টিৰ অধীনস্থ অঞ্চলত অহা ৬ অক্টোবৰৰ ভোটগ্ৰহণৰ দিনা ৰাজ্য চৰকাৰে ৰাজহুৱা বন্ধৰ ঘোষণা কৰিছে। সেই অনুসৰি সমষ্টিটোৰ অন্তৰ্গত সকলো চৰকাৰী -বেচৰকাৰী কাৰ্যালয়, ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান নগৰীয়া স্থানীয় সংস্থা, শিক্ষানুষ্ঠান, ব্যৱসায়িক আৰু বাণিজ্যিক প্রতিষ্ঠান, বেংক, চাহ বাগিছা, উদ্যোগকে ধৰি সকলো কাৰ্যালয় অহা ৬ অক্টোবৰত ৰাজহুৱা বন্ধ পালন কৰা হ’ব। ৰাজ্য চৰকাৰৰ সাধাৰণ প্ৰশাসন বিভাগে এটা প্ৰেছ বিজ্ঞপ্তিত এইকথা প্ৰকাশ কৰিছে।

নগাঁও লোকসভা সমষ্টিৰ উপ-নির্বাচনৰ বাবে ৰাজনৈতিক দলসমূহে ব্যাপক প্রস্তুতি অব্যাহত ৰখাৰ সমান্তৰালকৈ জিলা প্ৰশাসনেও প্রস্তুতি চলাইছে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই আজি ৰহাত নিৰ্বাচনী সভাত অংশ লৈ দলীয় প্রার্থী দেৱাশিস শৰ্মাৰ হৈ প্ৰচাৰ চলাইছে। একেদৰে কংগ্ৰেছৰ প্ৰাৰ্থীৰ্গৰাকীৰ হৈ দলৰ নেতা ৰকিবুল হুছেইন আৰু গৌৰৱ গগৈয়ে প্ৰচাৰ চলাইছে। এ আই ইউ ডি এফৰ প্ৰাৰ্থী বদৰুদ্দিন আজমলেও সমষ্টিটোৰ বিভিন্ন স্থানত প্ৰচাৰ চলাই আছে।

জিলা প্ৰশাসনৰ নিৰ্বাচনী প্ৰস্তুতিৰ অংশ হিচাপে জিলা আয়ুক্ত আৰণ্যক শ‍ইকীয়াই কালি ৰহা, নগাঁও-বটদ্ৰৱা, ধিং আৰু চামগুৰি বিধানসভা সমষ্টিৰ কাম-কাজৰ বুজ লয়। জ্যেষ্ঠ আৰক্ষী অধীক্ষক ভি ভি ৰাকেশ ৰেড্ডী, ৰহা সমজিলাৰ আয়ুক্ত আৰু সংশ্লিষ্ট বিভাগসমূহৰ মুৰববী বিষয়াসকলৰ উপস্থিতিত নির্বাচন প্রক্রিয়া শান্তিপূর্ণভাৱে সমাপন হোৱাত গুৰুত্ব আৰোপ কৰে।

জিলা আয়ুক্তগৰাকীয়ে ভোটকেন্দ্ৰসমূহত বিশুদ্ধ খোৱাপানী, বিজুলী সংযোগ আৰু শৌচাগাৰৰ ব্যৱস্থা সুনিশ্চিত কৰিবলৈ সংশ্লিষ্ট বিষয়াসকলক নির্দেশ দিয়ে। আয়ুক্ত আৰণ্যক শ‍ইকীয়াই সংবেদনশীল অঞ্চলসমূহত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰাৰ লগতে ফ্লাইং স্কোৱাৰ্ড আৰু আন নিৰাপত্তা আৰক্ষীৰ দলসমূহক সক্ৰিয় কৰি ৰাখিবলৈও আৰক্ষী অধীক্ষকগৰাকীক নিৰ্দেশ দিয়ে।