ধেমাজী জিলাৰ দুগ্ধ উৎপাদন বৃদ্ধিৰ লক্ষ্যৰে আজি শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ উপস্থিতিত জিলাখনৰ পশুপালন, দুগ্ধ উন্নয়ন, গ্রামোন্নয়নকে ধৰি কেইবাটাও বিভাগৰ বিষয়াসকল এখন বৈঠকত মিলিত হয়। এই বৈঠকত দুগ্ধ উৎপাদন বৃদ্ধিৰ বাবে জিলা পৰ্যায়ত বছৰযোৰা পৰিকল্পনা যুগুত কৰা হয়। বৈঠকত মন্ত্ৰীগৰাকীয়ে জিলাখনত দুগ্ধ উৎপাদন বৃদ্ধি কৰি পৰ্যাপ্ত প্ৰয়োজন পূৰণ কৰিব পৰা অৱস্থালৈ অনাৰ লগতে ৰাজ্যখনৰ অন্যান্য অংশলৈ প্ৰেৰণৰ দিহা কৰিবলৈ পৰামৰ্শ দিয়ে।
Assamese | February 9, 2025 7:22 PM | Dr Ranoj Pegu Meet
ধেমাজী জিলাৰ দুগ্ধ উৎপাদন বৃদ্ধিৰ লক্ষ্যৰে শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ উপস্থিতিত বৈঠক