ধেমাজি জিলাৰ মাছখোৱাৰ জোৰকটা সমন্বয় সংঘৰ প্ৰাংগণত আজি ৰাজ্যখনৰ অন্যতম ৰেডিঅ’ শ্ৰোতা সংঘ- অনাতাঁৰ মৰম আকলুৱা পৰিয়ালৰ পঞ্চম বার্ষিক প্ৰতিষ্ঠা দিৱস বর্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হয়। প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি অনুষ্ঠানত আকাশবাণীৰ সৈতে জড়িত কেইবাগৰাকীও ব্যক্তি আৰু শ্ৰোতাক বঁটা প্ৰদান কৰা হয়। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ ঘোষিকা কৰবী হাজৰিকা, ডিব্ৰুগড় কেন্দ্ৰৰ ঘোষিকা ৰীতা গগৈ বৰা, যোৰহাট কেন্দ্ৰৰ ঘোষক দিগন্ত বৰা আৰু তেজপুৰ কেন্দ্ৰৰ ঘোষক ত্রৈলোক্য বৰাক বিশেষ বঁটা প্ৰদান কৰে। ডিব্ৰুগড় কেন্দ্ৰৰ অৱসৰপ্ৰাপ্ত ঘোষক ৰূপজ্যোতি দুৱৰাক অনুষ্ঠান প্ৰযোজনাৰ বঁটা আৰু যুৱ সাংবাদিক নিৰঞ্জন দাসক আন দুটা বঁটা প্ৰদান কৰা হয়। কণ্ঠশিল্পী সংগীতা বৰঠাকুৰক ছৈয়দ ছাদুল্লা সোঁৱৰণী বঁটা আৰু সুৰকাৰ-গীতিকাৰ ৰাজেন গোহাঁইক জুবিন গাৰ্গ সোঁৱৰণী বঁটা প্ৰদান কৰে। বিশ্বনাথৰ শৰৎ দুৱৰা, ধেমাজিৰ মাছখোৱাৰ অজিত দিহিঙ্গীয়া আৰু যোৰহাটৰ জাঁজীৰ দিনেশ শর্মালৈ অনুৰাগী শ্রোতা বন্ধু বঁটা আগবঢ়োৱা হয়।
Assamese | January 20, 2026 8:23 PM | dhemaji radio
ধেমাজিত ৰেডিঅ’ শ্ৰোতা সংঘ- অনাতাঁৰ মৰম আকলুৱা পৰিয়ালৰ পঞ্চম বার্ষিক প্ৰতিষ্ঠা দিৱস