অসম চৰকাৰৰ খাদ্য, ৰাজহুৱা বিতৰণ, গ্রাহক পৰিক্ৰমা, সমবায় তথা অন্যান্য দপ্তৰৰ মন্ত্রী কৌশিক ৰায়ে আজি ধেমাজি জিলা ভ্রমণ কৰি এলানি কার্যসূচীত অংশ লয়। জিলাখনত উপস্থিত হৈ মন্ত্ৰীগৰাকীয়ে পোনপ্ৰথমে চিলাপথাৰ পৌৰসভাৰ অধীনত ৰূপায়ণ হৈ থকা কেইবাটাও গুৰুত্বপূৰ্ণ প্রকল্প পৰিদৰ্শন কৰে। প্লাষ্টিক আৱৰ্জনা ব্যবস্থাপনা আৰু জৈৱিক সাৰ প্ৰস্তুতকৰণ প্ৰকল্প, নগৰীয়া খোৱাপানী যোগান আঁচনি আৰু চিলাপথাৰ টাউন হলৰ নিৰ্মাণকাৰ্য্য পৰিদৰ্শন কৰি মন্ত্ৰীগৰাকীয়ে নির্দিষ্ট সময়ৰ ভিতৰত প্রকল্পসমূহৰ গুণগত মান নিশ্চিত কৰি নিৰ্মাণকাৰ্য সম্পূর্ণ কৰিবলৈ সংশ্লিষ্ট বিষয়াসকলক নির্দেশ দিয়ে। ইয়াৰ পাছতে মন্ত্ৰীগৰাকীয়ে চিলাপথাৰ পৌৰসভাৰ কাৰ্যালয়ত পৌৰসভাৰ এখন বিশেষ পর্যালোচনা বৈঠকত পৌৰসভাৰ অধীনত ৰূপায়ণ হৈ থকা বিভিন্ন কাম-কাজৰ খতিয়ান লয়।
Assamese | August 7, 2026 7:01 PM | Kaushik Rai in Dhemaji
ধেমাজিত এলানি কার্যসূচীত মন্ত্রী কৌশিক ৰায়ৰ অংশগ্ৰহণ