দক্ষিণ-পশ্চিম মৌচুমী বতাহৰ প্ৰভাৱত হোৱা ধাৰাসাৰ বৰষুণৰ বাবে দেশৰ আন কোনো ঠাইৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্যৰ স্বাভাৱিক জীৱনযাত্ৰা বাৰুকৈয়ে ব্যাহত হৈছে। বৰষুণ এৰাৰ ফলত গুৱাহাটী মহানগৰীকে ধৰি অসমৰ কেতবোৰ ঠাইত পৰিস্থিতি কিছুপৰিমাণে উন্নত হৈছে যদিও ভালেমান অঞ্চল এতিয়াও যোগাযোগ বিচ্ছিন্ন হৈ আছে। বতৰ বিজ্ঞান বিভাগৰ আগজাননী অনুসৰি গুৱাহাটীকে ধৰি অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ঠাই বিশেষে ধাৰাষাৰ বৰষুণ অব্যাহত থকাৰ সম্ভাৱনা আছে। প্রতিকুল বতৰকো নেওচি আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বিষয়া-কৰ্মচাৰীসকলে দুৰ্যোগৰ মাজেৰে হ’লেও কৰ্মস্থলীত উপস্থিত হৈ জনসাধাৰণক বান পৰিস্থিতি সন্দৰ্ভত সজাগ-সতৰ্ক কৰি তোলাৰ দায়িত্ব পালন কৰি আছে।
মহানগৰীৰৰ পূৰ্বে বান পৰিস্থিতিৰ সন্মুখীন নোহোৱা ভালেমান অঞ্চল এইবাৰ পানীত বুৰ যোৱা বুলি আকাশবাণীৰ সংবাদদাতাই জানিবলৈ দিছে। বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আজিৰ দিনটোৰ বাবে গুৱাহাটী মহানগৰীৰ শিক্ষানুষ্ঠানসমূহ বন্ধ ৰখাৰ লগতে চৰকাৰী কৰ্মচাৰীসকলৰ বাবেও আজি নৈমিত্তিক ছুটীৰ ব্যৱস্থা কৰা হৈছে। চৰকাৰে দুটা সাহায্য শিবিৰ স্থাপনৰ জৰিয়তে বান প্ৰভাৱিত জনসাধাৰণলৈ সাহায্য আগবঢ়োৱাৰ ব্যৱস্থা কৰিছে। এনে পৰিস্থিতিৰ মাজতে বানৰ কৱলত পৰা লোকসকলক নাৱেৰে সাহায্য সামগ্ৰী যোগান ধৰাৰ প্ৰয়োজন উদ্ভৱ হোৱা বুলিও একাংশ লোকে মত প্ৰকাশ কৰিছে। বান পৰিস্থিতিৰ সন্মুখীন হ’বৰ বাবে ৰাজ্যৰ ভিন ভিন ঠাইত এছ ডি আৰ এফ, এন ডি আৰ এফ আৰু ডি ডি আৰ এফৰ উদ্ধাৰকাৰী জোৱানৰ দল কৰ্তব্যত নিয়োজিত হৈ আছে।
Assamese | May 31, 2025 7:45 PM | NE Rain
ধাৰাসাৰ বৰষুণৰ বাবে উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্যৰ স্বাভাৱিক জীৱনযাত্ৰা বাৰুকৈয়ে ব্যাহত