দৰং জিলাৰ দলগাঁও থানাৰ অন্তৰ্গত শিলবৰী আৰু কৌপাটি সংযোগী গড়কাপ্তানী পথত সংঘটিত এটা পথ দুৰ্ঘটনাত এগৰাকী মহিলাসহ মুঠ দুগৰাকী লোক নিহত হোৱাৰ লগতে দুটি শিশু আহত হয়। আমাৰ সংবাদদাতাই জনোৱা মতে শিলবৰীৰ পৰা কৌপাৰ্টি অভিমুখে গৈ থকা মটৰ চাইকেলখনক বিপৰীত দিশৰ পৰা অহা এখন মালবাহী ট্রাকে খুন্দিওৱাৰ ফলত দুৰ্ঘটনাটো সংঘটিত হয়। দুর্ঘটনাটোত মটৰ চাইকেলখনৰ দুগৰাকী আৰোহী থিতাতে নিহত হয়। আহত শিশু দুটিক ততালিকে চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।
Assamese | February 2, 2025 6:36 PM | Darrang Road Accident
দৰং জিলাৰ দলগাঁৱত সংঘটিত পথ দুৰ্ঘটনাত মহিলাসহ দুগৰাকী লোক নিহত