দেশ ২০৪৭ চনৰ ভিতৰত বিকশিত ভাৰতবৰ্ষ গঢ়াৰ সপোন বাস্তৱায়িত কৰাৰ দিশ অগ্ৰসৰ হোৱা বুলি কেন্দ্রীয় জনজাতীয় পৰিক্ৰমা মন্ত্রী জুৱেল ওৰামে প্রকাশ কৰে। ডিব্ৰুগড়ত কালি প্রবুদ্ধ নাগৰিক সন্মিলনত অংশগ্ৰহণ কৰি মন্ত্ৰীগৰাকীয়ে কয়, যে কেন্দ্ৰীয় চৰকাৰে এই সন্দৰ্ভত বিশদ পৰিকল্পনা যুগুটাই উলিয়াইছে আৰু ২০৪৭ চনৰ ভিতৰত ভাৰতবৰ্ষক উন্নত ৰাষ্ট্ৰলৈ ৰূপান্তৰিত কৰাৰ উদ্দেশ্যে ভালেমান উদ্যম আৰম্ভ কৰিছে।
শ্রী ওৰামে কয়, যে দেশত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত অভূতপূর্ব বিকাশ হৈছে। মোদী চৰকাৰে বিগত ১২ বছৰত সুশাসন, আন্তঃগাঁথনি উন্নয়ন, অর্থনৈতিক প্রগতি আৰু জন কল্যাণত গুৰুত্ব আৰোপ কৰিছে বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে।