তৃতীয় পৰ্যায়ত অহা ৭ মে’ত হবলগীয়া তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে দেশৰ ৯৫ টা সমষ্টিত বিভিন্ন ৰাজনৈতিক দলৰ শীৰ্ষ নেতাসকলে প্ৰচাৰ অব্যাহত ৰাখিছে। প্রধানমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা নৰেন্দ্ৰ মোদীয়ে আজি মহাৰাষ্ট্ৰৰ কোলহাপুৰত নিৰ্বাচনী প্ৰচাৰ চলায়। তেওঁ সন্ধিয়া মহানগৰখনৰ তপোবন গ্ৰাউণ্ডত এখন জনসভাত ভাষণ দিব। ৰাজ্যখনত আজি কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধী বাদ্ৰায়ো নিৰ্বাচনী প্ৰচাৰ চলায়। শ্ৰীমতী ৱাদাই লাটুৰত দলীয় প্রার্থী ড° শিৱাজী কালগেৰ হৈ এখন নিৰ্বাচনী সভাত প্ৰচাৰ চলায়। ইপিনে, কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি গুজৰাটৰ ৰাজকোট জিলাৰ পৌৰবন্দৰ লোকসভা আসনৰ দলীয় প্রার্থী কেন্দ্রীয় মন্ত্রী মনসুখ মন্দাভিয়াৰ হৈ প্ৰচাৰ চলায়। নিজৰ ভাষণত তেঁও কয় যে, কংগ্ৰেছৰ শাসনকালত ৰাজ্যখনত হোৱা ক্ষতিসমূহ নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰে ১০ বছৰত পূৰণ কৰিছে। ৰাজ্যখনত ৫ লাখ ৯৫ হাজাৰ কোটি টকা উন্নয়নৰ বাবে দিয়া হৈছে বুলি তেওঁ উল্লেখ কৰে। ইপিনে, গুজৰাটৰ ধৰ্মপুৰৰ দৰবাৰ গড় চৌহদত আজি কংগ্ৰেছ নেত্রী প্রিয়ংকা গান্ধীয়ে ভাষণ দিয়ে। নেত্ৰীগৰাকীয়ে কয় যে, কংগ্ৰেছে যুগুত কৰা ন্যায় পত্ৰই বহু আঁচনি আৰু নিশ্চয়তাৰ প্ৰতিশ্ৰুতি দিছে আৰু দলটো জয়ী হলে সেই নিশ্চয়তা সম্পুর্ণ হব। বিগত ১০ বছৰত বিজেপি নেতৃত্বাধীন চৰকাৰে কোনো ধৰণৰ অগ্ৰগতি কৰা নাই বুলিও তেওঁ উল্লেখ কৰে।
Assamese | April 27, 2024 7:25 PM | Lok Sabha Election
দেশৰ ৯৫ টা সমষ্টিত বিভিন্ন ৰাজনৈতিক দলৰ শীৰ্ষ নেতাসকলৰ প্ৰচাৰ অব্যাহত