দেশৰ ৭৯ সংখ্যক স্বাধীনতা দিৱসৰ সৈতে সংগতি ৰাখি আজি পুৱা কাম্য নামৰ স্বেচ্ছাসেৱী সংগঠনটোৱে সৰুসজাই ষ্টেডিয়ামত এটা মটৰ চাইকেল ৰেলী উলিয়ায়। অপাৰেছন সিন্দূৰক শক্তিশালী নেতৃত্ব প্ৰদান কৰা সেনা বাহিনীৰ দুগৰাকী বিৰাঙ্গনা কৰ্ণেল ছোফিয়া কুৰেশ্বী আৰু উইং কমাণ্ডাৰ ভৌমিকা সিঙৰ লগতে দেশ সেৱাত নিয়োজিত হৈ থকা প্ৰতিগৰাকী বীৰাঙ্গনালৈ সন্মান প্ৰদৰ্শন কৰি এই ৰেলীৰ আয়োজন কৰা হয়। প্ৰাক্তন সাংসদ কুইন ওজা আৰু জ্যেষ্ঠ সাংবাদিক প্ৰণয় বৰদলৈয়ে পতাকা জোকাৰি শুভাৰম্ভ কৰা ছেল্যুত বীৰাঙ্গনা শীৰ্ষক এই মটৰ চাইকেল ৰেলীটোত অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ আঙুৰলতা ডেকাৰ লগতে শতাধিক মহিলাই অংশ লয়। উল্লেখযোগ্য যে সৰুসজাই ষ্টেডিয়ামৰ পৰা বেহাৰবাৰী -লখৰা- আই এছ বি টি হৈ পুনৰ সৰুসজাইত সমাপ্ত হোৱা ৰেলীটোত অসম গৌৰৱ মীনাক্ষী দাসেও অংশ লয়।
Assamese | August 10, 2025 7:52 PM | Har Ghar Tiranga
দেশৰ ৭৯ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে সৰুসজাই ষ্টেডিয়ামত মটৰ চাইকেল ৰেলীৰ আয়োজন