২০২৬ বৰ্ষৰ চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ পুনৰ পৰীক্ষা- নীট ইউ জি আজি কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজত সফলতাৰে সম্পন্ন হয়। দেশৰ ৫৫১খন মহানগৰ তথা বিদেশৰ ১৪খন মহানগৰত অনুষ্ঠিত এই পৰীক্ষাত ২২ লখ ৭৯ হাজাৰতকৈও অধিক প্রার্থী অবতীর্ণ হয়।
উল্লেখযোগ্য যে দিনৰ ২ বজাত আৰম্ভ হৈ সন্ধিয়া ৫-১৫ মিনিটত অন্ত পৰা এই পৰীক্ষা আৰু আন ১২টা ভাষাত অনুষ্ঠিত হয়। পৰীক্ষাৰ পূৰ্বে ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থা এন টি এয়ে কালি দেশজুৰি অনুশীলনমূলকভাবে এই পৰীক্ষা অনুষ্ঠিত কৰে। এই পদক্ষেপৰ জৰিয়তে নেটৱৰ্ক জেমাৰ, চিচিটিভি আৰু বায়’মেট্রিক্স ব্যৱস্থাৰ কাৰ্যকাৰিতা পৰীক্ষা কৰা হয়।
এই পৰীক্ষা সুকলমে, সুৰক্ষিত তথা নিকাভাৱে অনুষ্ঠিত কৰাৰ উদ্দেশ্যে পর্যবেক্ষক, সমন্বয়ক, আৰক্ষী বিষয়া, প্রশাসনীয় কৰ্মচাৰীকে ধৰি ২ লাখতকৈও অধিক বিষয়া-কর্মচাৰী নিয়োগ কৰা হয়।
চিচি টিভিৰ জৰিয়তে পৰ্যবেক্ষণ আধাৰভিত্তিক বায়োমেট্রিক সত্যাপন, পৰীক্ষা সম্পর্কীয় বয়বস্তু সৰবৰাহৰ বাবে আৰক্ষীৰ বিশেষ সুৰক্ষাসহ জি পি এছ সংলগ্ন বাহনকে ধৰি কেইবা তৰপীয়া সুৰক্ষা আন্তঃগাঁথনিৰ মাজেৰে অনুষ্ঠিত কৰা হয়।
ইয়াৰ উপৰি এন টি এয়ে কোনো ভুল তথ্য প্ৰকাশৰ লগতে অবাঞ্চিত বাতৰি প্ৰকাশ কৰাৰ পৰা বিৰত ৰাখিবলৈ সামাজিক মাধ্যমৰ গতিবিধিৰ ওপৰত বিশেষ দৃষ্টি ৰাখে।