ভাৰতৰ বতৰ বিজ্ঞান বিভাগে দেশৰ পশ্চিম প্রান্তত আজি প্ৰৱল বৃষ্টিপাত আশংকা প্রকাশ কৰিছে। বিভাগে কৈছে যে কংকান, গোৱা, মধ্য মহাৰাষ্ট্ৰ, গুজৰাট, দক্ষিণ কৰ্ণাটক আৰু ইয়াৰ উপকূলীয় অঞ্চল, সৌৰাষ্ট্ৰ আৰু কুটচৰ বিভিন্ন প্ৰান্তত প্ৰৱল বৰষুণৰ আশংকা আছে। বতৰ বিজ্ঞান বিভাগে আজিৰে পৰা অহা শুকুৰবাৰলৈ তেলেংগানা, অন্ধ্র প্রদেশৰ উপকূলীয় অঞ্চল, য়ানাম, ছত্তীশগড় আৰু উত্তৰ কৰ্ণাটকতো প্ৰৱল বৃষ্টিপাতৰ আশংকাৰ প্ৰতি লক্ষ্য ৰাখি সতর্কবাণী জাৰি কৰিছে। আকাশবাণীৰ সৈতে হোৱা কথা বতৰাত বিভাগৰ জ্যেষ্ঠ বিজ্ঞানী আৰ কে জেনামণীয়ে কয় যে ওড়িশা উপকূলৰ ওচৰত নিম্ন চাপ সৃষ্টি হোৱাৰ ফলত গুজৰাট, মহাৰাষ্ট্ৰ আৰু কৰ্ণাটক অঞ্চলত বাৰিষাৰ প্ৰভাৱ বৃদ্ধি পাইছে।
Assamese | July 16, 2024 1:53 PM | IMD Alert | Weather alert
দেশৰ পশ্চিম প্রান্তত আজি প্ৰৱল বৃষ্টিপাতৰ আশংকা ভাৰতৰ বতৰ বিজ্ঞান বিভাগৰ