ভাৰতীয় বতৰ বিজ্ঞান বিভাগে দেশৰ উত্তৰ অংশত প্ৰচণ্ড গ্রীষ্ম প্ৰৱাহ অব্যাহত থাকিব বুলি প্ৰকাশ কৰিছে। বতৰ বিজ্ঞান বিভাগে প্ৰকাশ কৰা আগলি বতৰা অনুসৰি উত্তৰ প্ৰদেশ, পাঞ্জাব, হাৰিয়ানা, চণ্ডীগড়, দিল্লী, হিমাচল প্রদেশ, বিহাৰ, উত্তৰাখণ্ড আৰু ঝাৰখণ্ডত গ্ৰীষ্ম প্ৰৱাহ অধিক বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। ইয়াৰ লগতে জম্মু-কাশ্মীৰ, উত্তৰ মধ্যপ্ৰদেশ আৰু অন্ধ্ৰপ্ৰদেশৰ উপকূলীয় অঞ্চল, ৰাজস্থান আৰু বিদৰ্ভতো গ্রীষ্ম প্ৰৱাহ অব্যাহত থাকিব বুলি বিভাগে প্ৰকাশ কৰিছে। আনহাতে অসম আৰু মেঘালয়ত অহা ৩ দিনত ধাৰাষাৰৰ পৰা প্ৰৱল বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান বিভাগে প্ৰকাশ কৰিছে। ইয়াৰ লগতে অসমৰ কোনো কোনো অঞ্চল, অৰুণাচল প্রদেশ, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাৰ অঞ্চল বিশেষে অহা ৫ দিনত মজলীয়া বৰষুণ হ’ব পাৰে বুলিও বিভাগে লগতে প্ৰকাশ কৰিছে।
Assamese | June 18, 2024 11:52 AM | heat wave
দেশৰ উত্তৰ অংশত প্ৰচণ্ড গ্রীষ্ম প্ৰৱাহ অব্যাহত থাকিব বুলি ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ প্ৰকাশ