জম্মু-কাশ্মীৰৰ পহলগামত সন্ত্রাসবাদী আক্রমণক লৈ দেশবিৰোধী মন্তব্য কৰাৰ অভিযোগত অসম আৰক্ষীয়ে গ্রেপ্তাৰ কৰা লোকৰ সংখ্যা ৩৬ লৈ বৃদ্ধি পাইছে। আৰক্ষীয়ে শেহতীয়াকৈ দেশ বিৰোধী মন্তব্য কৰাৰ বাবে বঙাইগাঁৱৰ পৰা নাজিবুল ইছলাম আৰু শ্ৰীভূমিৰ পৰা ছানাজ হুছেইনক গ্ৰেপ্তাৰ কৰিছে। উল্লেখযোগ্য যে ভাৰত বিৰোধী মন্তব্য কৰাৰ অভিযোগত কাছাৰৰ পৰা সৰ্বাধিক ছজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। একেদৰে হাইলাকান্দিত ৩ জন, শ্রীভূমি, চিৰাং, কোকৰাঝাৰ, কামৰূপ, গোৱালপাৰা আৰু নগাঁৱত দুজনকৈ তথা বিশ্বনাথ, দৰং, গোলাঘাট, ধুবুৰী, লখিমপুৰ, মৰিগাঁও, শিৱসাগৰ, শোণিতপুৰ, দক্ষিণ শালমাৰা মানকাচৰ আৰু তামুলপুৰ জিলাৰ এজনকৈ লোকক অনুৰূপ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে।
Assamese | May 1, 2025 12:02 PM | Persons arrested for offensive social Media post in Assam
দেশবিৰোধী মন্তব্য কৰাৰ অভিযোগত অসম আৰক্ষীয়ে গ্রেপ্তাৰ কৰা লোকৰ সংখ্যা ৩৬ লৈ বৃদ্ধি