জম্মু-কাশ্মীৰৰ পেহেলগামৰ সন্ত্ৰাসবাদী আক্রমণক লৈ দেশবিৰোধী মন্তব্য কৰাৰ অভিযোগত অসম আৰক্ষীয়ে এই পর্যন্ত ৫৮ জন লোকক গ্ৰেপ্তাৰ কৰিছে। কালি শোণিতপুৰ আৰক্ষীয়ে ছুকুৰ আলী আৰু ফজল আলী নামৰ লোক দুজনক গ্ৰেপ্তাৰ কৰে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মাই সামাজিক মাধ্যম যোগে এই বিষয়ে প্ৰকাশ কৰি অসম আৰক্ষীয়ে এই অভিযান পৰৱৰ্তী সময়তো অব্যাহত ৰাখিব বুলি উল্লেখ কৰে। তেওঁ লগতে জনসাধাৰণক এনে দেশ বিৰোধী মন্তব্য দৃষ্টি গোচৰ হোৱাৰ মাত্ৰেই প্ৰশাসনক অৱগত কৰিবলৈ আহ্বান জনায়। উল্লেখযোগ্য যে দেশবিৰোধী মন্তব্য কৰাৰ অভিযোগত কাছাৰৰ পৰা সৰ্বাধিক ছজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। দেশবিৰোধী মন্তব্য কৰা লোকৰ বিৰুদ্ধে কোনো ধৰণৰ সহানুভূতি প্ৰদৰ্শন কৰা নহ’ব মুখ্যমন্ত্ৰী ড° শৰ্মাই উল্লেখ কৰে।
Assamese | May 14, 2025 8:52 PM | Arrest
দেশবিৰোধী মন্তব্য কৰাৰ অভিযোগত ৰাজ্যত এই পর্যন্ত ৫৮ জন লোকক গ্ৰেপ্তাৰ