দেশত বিগত ১০ বছৰত মাছৰ উৎপাদন ৯৫ লাখ টনৰ পৰা প্ৰায় ১৮৪ লাখ টনলৈ বৃদ্ধি পাইছে। পুডুচেৰীত আজি প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত কেইবাটাও প্ৰকল্পৰ উদ্বোধন কৰি মীন, পশুপালন আৰু দুগ্ধ উৎপাদনৰ কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী জৰ্জ কুৰিয়ানে এইদৰে কয়। পুডুচেৰীত এই আঁচনিৰ অধীনত ২ হেজাৰ ৩০০ খন মাছ মৰা নাওত ট্রান্সপণ্ডাৰ স্থাপন কৰা হ’ব বুলি শ্রীকুৰিয়ানে আজি ঘোষণা কৰে। এই ট্রান্সপণ্ডাৰসমূহে মাছমৰীয়াসকলক পৰিয়ালৰ সৈতে সংযোগ স্থাপন কৰা, তাৎক্ষণিক চিকিৎসা লাভ, আন্তৰাষ্ট্ৰীয় সামুদ্রিক সীমা অতিক্ৰম কৰিলে সতৰ্ক কৰি দিয়া আৰু মাছ সন্দৰ্ভত সকলো তথ্য প্ৰদান কৰা আদি কামত সহায় কৰিব। মীন বিপ্লৱৰ অধীনত মীন পালনৰ ক্ষেত্ৰত কেন্দ্ৰৰ প্ৰায় ৩ হাজাৰ কোটি টকাৰ আৰ্থিক প্ৰতিশ্ৰুতি সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে আলোকপাত কৰে। মীন পালকসকলে এতিয়া কিষাণ ক্রেডিট কার্ড আঁচনিৰ অধীনত ৫ লাখ টকা পৰ্যন্ত ঋণ লাভ কৰিব পাৰে বুলিও শ্রীকুৰিয়ানে উল্লেখ কৰে। পুডুচেৰীৰ লেফটেনেণ্ট গৱৰ্ণৰ কে. কৈলাশনাথন, মুখ্যমন্ত্রী এন ৰংগাস্বামী, বিধানসভাৰ অধ্যক্ষ আৰ ছেলভাম, মন্ত্ৰী আৰু বিধায়কসকলেও এই অনুষ্ঠানত ভাগ লয়।
Assamese | April 16, 2025 8:10 PM | Fish Production increase
দেশত মাছৰ উৎপাদন ৯৫ লাখ টনৰ পৰা প্ৰায় ১৮৪ লাখ টনলৈ বৃদ্ধি