চৰকাৰে লোকসভাত সদৰি কৰিছে যে, বিগত বিত্তীয় বৰ্ষৰ সময়ছোৱাত ৫ বছৰ পূৰ্বৰ ৬ শতাংশৰ তুলনাত ৩ দশমিক ২ শতাংশলৈ নিবনুৱাৰ হাৰ হ্ৰাস হৈছে। শ্ৰম আৰু নিয়োগ দপ্তৰৰ ৰাজ্যমন্ত্রী শোভা কাৰাণ্ডলাজেয়ে এটা লিখিত উত্তৰত জনোৱা অনুসৰি শেহতীয়া পৰ্যায়ক্ৰমৰ শ্ৰম শক্তি সমীক্ষাত ১৫ বছৰ তথা তাতকৈ অধিক বয়সৰ লোকৰ মাজত নিবনুৱাৰ সংখ্যা হ্ৰাস হোৱা বুলি প্ৰকাশিত হৈছে। নিবনুৱা সমস্যা সমাধান কৰিবলৈ চৰকাৰে বিভিন্ন আঁচনি তথা কাৰ্যসূচী হাতত লোৱা বুলি উল্লেখ কৰি তেওঁ কয়, যে চলিত বিত্তীয় বৰ্ষত প্ৰধানমন্ত্ৰীৰ দিকদর্শনত ৫ খন আঁচনিৰ জৰিয়তে ৪ কোটিতকৈ অধিক যুৱক-যুৱতীক পৰৱৰ্তী ৫ বছৰত নিয়োগৰ সুবিধা, দক্ষতা বিকাশ তথা অন্যান্য সুযোগ দিয়াৰ লক্ষ্য লোৱা হৈছে।
Assamese | February 3, 2025 8:28 PM | Sobha Karandlaje
দেশত নিবনুৱাৰ হাৰ ৫ বছৰ পূৰ্বৰ ৬ শতাংশৰ তুলনাত ৩.২ শতাংশলৈ হ্ৰাস হৈছে : শ্ৰম আৰু নিয়োগ দপ্তৰৰ ৰাজ্যমন্ত্রী