দেশত দুখন বন্দে ভাৰত শ্লিপাৰ ৰে’লগাড়ী মুকলি কৰা হ’ব বুলি ৰে’লমন্ত্ৰী অশ্বিনী বৈষ্ণৱে জানিবলৈ দিছে। নতুন দিল্লীত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শ্রীবৈষ্ণৱে কয়, যে এই দুখন ৰে’লগাড়ীৰ ভিতৰত প্ৰথমখনে সকলো পৰীক্ষা আৰু পৰীক্ষামূলক যাত্ৰা সফলতাৰে সম্পন্ন কৰিছে আৰু দ্বিতীয়খনে অহা মাহৰ মাজভাগৰ ভিতৰত পৰীক্ষামূলক যাত্ৰা সম্পূৰ্ণ কৰিব। এই ৰে’লগাড়ী দুখনৰ প্ৰতিখনতে ১৬টাকৈ ডবা থাকিব বুলি তেওঁ প্ৰকাশ কৰে । এচি-ফাৰ্ষ্ট ক্লাছ, এচি-টু টায়াৰ আৰু এচি-থ্ৰী টায়াৰ দবা থাকিবলগীয়া এই ৰে’লগাড়ী দুখনৰ প্ৰতিখনতে এবাৰত মুঠ এহেজাৰ ১২৮ গৰাকী যাত্ৰীয়ে যাত্ৰা কৰিব পাৰিব। ৰে’লগাড়ী দুখনৰ সৰ্বাধিক গতিবেগ ঘণ্টাত ১৮০ কিলোমিটাৰ হ’ব বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।
ইপিনে, ১ অক্টোবৰৰ পৰা ১৫ নৱেম্বৰৰ ভিতৰত দেৱালী আৰু শ্বট্ পূজাৰ প্ৰতি লক্ষ্য ৰাখি দেশত মুঠ ১২ হাজাৰ বিশেষ ৰে’লগাড়ীৰ চলাচল কৰোৱা হ’ব বুলি তেওঁ জানিবলৈ দিয়ে।
Assamese | September 24, 2025 12:08 PM | New Vande Bharat Rail Add
দেশত দুখন বন্দে ভাৰত শ্লিপাৰ ৰে’লগাড়ী মুকলি কৰা হ’ব : ৰে’লমন্ত্ৰী অশ্বিনী বৈষ্ণৱ