দেশজুৰি কাইলৈ চলিত বৰ্ষৰ তৃতীয়খন ৰাষ্ট্ৰীয় লোক আদালত অনুষ্ঠিত হ’ব। লোক আদালতৰ জৰিয়তে দেৱানী, আপোচবিহীন ফৌজদাৰী, চেক বাউন্স, বৈবাহিক-পাৰিবাৰিক বিবাদ, মটৰ দুৰ্ঘটনাৰ ক্ষতিপূৰ্ণ, বেংকৰ ঋণ আৰু বিদ্যুৎ সম্পৰ্কীয় গোচৰৰ লগতে প্ৰাক আদালত পৰ্যায়ত বিবাদ নিষ্পত্তি কৰা হ’ব। ইয়াৰ অংশ হিচাপে দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ ফেকামাৰীস্থিত জিলা আদালতৰ চৌহদত কাইলৈ পুৱা ৯ বজাৰ পৰা ৰাষ্ট্ৰীয় লোক আদালতৰ আয়োজন কৰা হৈছে। এইবেলি জিলাখনত প্ৰায় ২ সহস্রাধিক গোচৰ নিষ্পত্তিৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ইতিমধ্যে বিভিন্ন গোচৰৰ জৰিয়তে প্রায় ২০ লাখ টকা জমা হৈছে বুলি জিলা আইনসেৱা বিষয়ৰ প্ৰাধিকৰণৰ উচ্চবর্গৰ সহায়ক মেহেবুবুল ইছলাম খিলিজিয়ে প্রকাশ কৰিছে।
Assamese | September 11, 2026 7:50 PM | Loka adalat
দেশজুৰি কাইলৈ চলিত বৰ্ষৰ তৃতীয়খন ৰাষ্ট্ৰীয় লোক আদালত অনুষ্ঠিত