কেন্দ্ৰীয় পথ পৰিবহন আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে দেশজুৰি ইথানল জৈৱ ইন্ধনৰ ৪০০ টা পাম স্থাপন কৰা হৈছে বুলি আজি প্ৰকাশ কৰিছে। নতুন দিল্লীত ভাৰতীয় উদ্যোগ সংঘই আয়োজন কৰা জৈৱ শক্তি শীর্ষ সন্মিলন ২০২৪ ত অংশগ্ৰহণ কৰি তেওঁ এই কথা প্ৰকাশ কৰে। সন্মিলনত সমবেত লোকসকলক সম্বোধন কৰি তেঁও কয় যে, চৰকাৰে ৩টা পৃথক মটৰগাড়ীৰ সংস্থাৰ জৰিয়তে ফ্লেক্স ইঞ্জিন বাহন মুকলি কৰাৰ পৰিকল্পনা কৰিছে। মন্ত্ৰীগৰাকীয়ে আৱৰ্জনাক চি এন জি, ইথানল, মিথেন তথা অন্যান্য জৈৱ ইন্ধনসমূহলৈ ৰূপান্তৰ কৰাৰ গুৰুত্ব সন্দৰ্ভত আলোকপাত কৰে। দেশত জৈৱ ইন্ধন অর্থনৈতিকভাৱে বহনক্ষম বুলি তেওঁ প্ৰকাশ কৰে।
ইয়াৰ পূৰ্বে পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী হৰদীপ সিং পুৰীয়ে দেশৰ ইথানত মিশ্ৰন পদক্ষেপৰ সফলতা সন্দৰ্ভত আলোকপাত কৰে। তেওঁ কয় যে ২০১৪ চনত এই মিশ্ৰনৰ অনুপাত ১ দশমিক ৫-৩ শতাংশ হোৱাৰ বিপৰীতে চলিত বছৰত এই অনুপাত ১৫ শতাংশলৈ বৃদ্ধি হৈছে। চৰকাৰে ২০২৫ চনৰ ভিতৰত এই মিশ্ৰনৰ অনুপাত ২০ শতাংশলৈ উন্নীত কৰাৰ লক্ষ্য লোৱা বুলিও তেওঁ সদৰি কৰে। ইথানল কার্যসূচীয়ে বৈদেশিক বিনিময়ৰ সঞ্চয় ১ লাখ ছহেজাৰ ৭০ কোটি টকাতকৈও অধিক স্পৰ্শ কৰা বুলি তেওঁ প্ৰকাশ কৰে। এই পদক্ষেপৰ জৰিয়তে কার্বন নির্গমনৰ পৰিমাণ ৫৪৪ লাখ মেট্রিকটনলৈ হ্ৰাস হোৱাৰ লগতে ইন্ধনৰ বিকল্প প্ৰায় ১৮০ লাখ মেট্রিকটনৰ কাষ চপা বুলি তেওঁ প্ৰকাশ কৰে।
Assamese | October 14, 2024 7:39 PM | Central Minister | nitin_gadkari
দেশজুৰি ইথানল জৈৱ ইন্ধনৰ ৪০০ টা পাম স্থাপনৰ কথা প্ৰকাশ মন্ত্ৰী নীতিন গাডকাৰীৰ