দূৰদৰ্শী শাসন আৰু বিশ্ব নেতাসকলৰ সৈতে গঠনমূলক আলোচনাৰ জৰিয়তে প্রধানমন্ত্ৰীয়ে বিশ্ব দৰবাৰত দেশৰ মৰ্যাদা আৰু প্ৰভাৱ বৃদ্ধি কৰিছেঃ ৰাষ্ট্ৰপতি দ্রৌপদী মুর্মু

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মুয়ে আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ভূয়সী প্রশংসা কৰি কয় যে দূৰদৰ্শী শাসন আৰু বিশ্ব নেতাসকলৰ সৈতে গঠনমূলক আলোচনাৰ জৰিয়তে তেওঁ বিশ্ব দৰবাৰত দেশৰ মৰ্যাদা আৰু প্ৰভাৱ বৃদ্ধি কৰিছে। ওড়িশাৰ ময়ুভঞ্জ জিলাৰ ৰায়ৰংপুৰত মোহন চৰণ মাঝিৰ নেতৃত্বৰ ৰাজ্য চৰকাৰখনৰ দুবছৰীয়া কাৰ্যকাল পূৰ্ণ হোৱা উপলক্ষে আয়োজিত এখন জনসভাত অংশগ্ৰহণ কৰি ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে প্রধানমন্ত্ৰী মোদীৰ নেতৃত্বত ভাৰতে বিশ্বত শান্তি আলোচনা আৰু সহযোগিতাৰ কণ্ঠ হিচাপে আত্মপ্ৰকাশ কৰিবলৈ সমৰ্থ হৈছে। 

তেওঁ কয় যে বিশ্বৰ বহুকেইটা অঞ্চল সংঘাত আৰু অনিশ্চয়তাৰে যুজি থকাৰ সময়তে ভাৰতে কূটনৈতিক আলোচনা আৰু পাৰস্পৰিক বুজাবুজিৰে বিবাদ মিমাংশাৰ পোষকতা কৰি আহিছে। কোৱিড-১৯ মহামাৰীৰ সময়ছোৱাত দেশে আগবঢ়োৱা মানৱীয় সাহায্যৰ কথা স্মৰণ কৰি ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে প্ৰতিষেধক, অক্সিজেন আৰু জৰুৰীকালিন চিকিৎসা সামগ্ৰী যোগান ধৰি বহু ৰাষ্ট্ৰক সহায় কৰিছিল যাৰ জৰিয়তে বিশ্বজনিন সংহতি আৰু মানৱ কল্যানৰ প্ৰতি থকা দেশৰ দায়বদ্ধতা প্ৰতিফলিত হৈছিল।

 দেশৰ দীৰ্ঘকালৰ বাবে নিৰ্বাচিত প্রধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰা শ্রীমোদীক ৰাষ্ট্ৰপতিগৰাকীয়ে অভিনন্দন জনাই আৰু দেশ সেৱাৰ প্ৰতি থকা তেওঁৰ দায়বদ্ধতাক প্ৰশংসা কৰে। প্রধানমন্ত্ৰীৰ নেতৃত্বই দেশক সমৃদ্ধি আৰু আন্তঃৰাষ্ট্ৰীয় খ্যাতিৰ দিশে আগুৱাই লৈ যাব বুলি শ্রীমতীয়ে আশা প্রকাশ কৰে। উল্লেখযোগ্য যে এই অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীও অংশগ্ৰহণ কৰে।