ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে দুৰ্গা পূজা উপলক্ষে ভাৰত আৰু বিদেশত বসবাস কৰা লোকসকললৈ শুভেচ্ছা জ্ঞাপন কৰিছে। এটা বার্তাযোগে শ্রীমতী মুর্মুৱে কয়, যে দুর্গা পূজা সংস্কৃতি, বিকাশ আৰু আধ্যাত্মিকতাৰ প্ৰতীক। তেওঁ কয়, যে দুৰ্গাৰ ৯টা ৰূপে সত্য, ন্যায় আৰু মমতাৰে আগবাঢ়ি যাবলৈ আমাক সাহস দিয়ে। এই উৎসৱে সমতা, সহনশীলতা আৰু প্ৰেমৰ মনোভাৱক প্ৰসাৰিত কৰে। ৰাষ্ট্ৰপতিয়ে নাৰীৰ প্রতি সন্মান সুনিশ্চিত কৰাৰ লগতে তেওঁলোকৰ স্থান অক্ষুণ্ণ ৰখাৰ বাবে সকলো প্ৰয়াস কৰাৰ প্ৰতিশ্ৰুতি ল’বলৈ নাগৰিকসকলক আহ্বান জনায়। তেওঁ লগতে সকলোকে প্ৰজ্ঞা আৰু সাহস প্ৰদান কৰিবলৈ আৰু সুখ-সমৃদ্ধিৰ আশীৰ্বাদ দিবলৈ মা দুৰ্গাক প্ৰাৰ্থনা কৰে ।
Assamese | September 30, 2025 11:06 AM | greetings people for Durga Puja | President Droupadi Murmu
দুৰ্গা পূজা উপলক্ষে ভাৰত আৰু বিদেশত বসবাস কৰা লোকসকললৈ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৰ শুভেচ্ছা জ্ঞাপন