উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণে কাইলৈ দুদিনীয়া ভ্রমণসূচীৰে কৰ্ণাটকলৈ যাব। কাইলৈ কৰ্ণাটকৰ বেংগালুৰুত শ্ৰীৰাধাকৃষ্ণণে নন্দপ্রভু শ্রীকেম্পেগৌড়া ৫১৭ সংখ্যক জন্মজয়ন্তী অনুষ্ঠানত উপস্থিত থাকিব। দেওবাৰে উপৰাষ্ট্ৰপতিগৰাকীয়ে ৰাজীৱ গান্ধী বিশ্ববিদ্যালয় প্রতিষ্ঠা দিৱস আৰু আন্তর্জাতিক ড্ৰাগছ অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱস উপলক্ষে আয়োজন কৰা নিচামুক্ত ভাৰত অনুষ্ঠানত অংশ ল’ব।
Assamese | June 26, 2026 8:15 PM | VP Karnataka Visit
দুদিনীয়া ভ্রমণসূচীৰে উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণৰ কাইলৈ কৰ্ণাটক ভ্ৰমণ