June 30, 2026 1:52 PM | Prez Visit in AP

printer

দুদিনীয়া ভ্রমণসূচীৰে আজি ৰাষ্ট্রপতি শ্রীমতী দ্রৌপদী মুর্মুৰ অন্ধ্ৰ প্রদেশ যাত্ৰা

ৰাষ্ট্রপতি শ্রীমতী দ্রৌপদী মুর্মু দুদিনীয়া ভ্রমণসূচীৰে আজি অন্ধ্ৰ প্রদেশত উপস্থিত হ’ব। ৰাজ্যখনৰ ভিজিয়ানাগাৰামত আজি কেন্দ্রীয় সৈজ্জনজাতি বিশ্ববিদ্যালয়ৰ প্ৰথম সমাৱর্তন সমাৰোহত ৰাষ্ট্ৰপতিগৰাকীয়ে অংশ লাব।

বিশাখাপট্রনমত অৱস্থিত এই বিশ্ববিদ্যায়খনত ২০২০ৰ পৰা ২০২৫-২৬ শৈক্ষিক বর্ষলৈ ৩৭৩ গৰাকী ছাত্র-ছাত্রীক স্নাতক আৰু স্নাতকোত্তৰ শ্ৰেণীৰ সন্মান প্রদান কৰিব। শ্রীমতী মুর্মুৱে লগতে শৈক্ষিক ক্ষেত্রত দেখুওৱা অসামান্য প্রতিভাৰ বাবে ১০ গৰাকী মহিলাকে ধৰি মুঠ ১৩ গৰাকী মেধাৱী শিক্ষার্থীক সোণৰ পদক প্রদান কৰিব। ২০১৯ চনত প্রতিষ্ঠা হোৱা এই বিশ্ববিদ্যালয়ে ২০২০ চনৰ পৰা শৈক্ষিক কাৰ্যসূচী আৰম্ভ কৰে। এই সমাৱর্তন সমাৰোহত কেন্দ্রীয় শিক্ষামন্ত্রী ধর্মেন্দ্র, অন্ধ্র প্রদেশৰ ৰাজ্যপাল এছ আব্দুল নাজিৰ আৰু ভালসংখ্যক গণ্য-মান্য লোক এই অনুষ্ঠানত উপস্থিত থাকিব। কাইলৈ ৰাষ্ট্রপতি শ্রীমতী মুর্মু অনন্তপুৰমৰ কেন্দ্রীয় বিশ্ববিদ্যালয়ৰ প্রথম সমাৱর্তন সমাৰোহত উপস্থিত থাকিব।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।