উপৰাষ্ট্ৰপতি জগদীপ ধনখড়ে কাইলৈৰ পৰা দুদিনীয়া ভ্ৰমণসূচীৰে তেলেংগানা আৰু অন্ধ্ৰপ্ৰদেশলৈ যাব। ভ্ৰমণৰ প্ৰথম দিনা শ্ৰী ধনখড়ে হায়দৰাবাদৰ কানহা শান্তি বনমলৈ যাব। দ্বিতীয় দিনা অন্ধ্রপ্রদেশত স্বৰ্ণ ভাৰত ন্যাসৰ ২৩ সংখ্যক বার্ষিকীত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। তেওঁ লগতে অকশৰা বিদ্যালয় চৌহদ আৰু দক্ষতা বিকাশ কেন্দ্ৰ আৰু মোপ্পাবাৰাপু ফাউণ্ডেচনলৈ যাব।
Assamese | August 15, 2024 8:28 PM | Vice President Jagdeep Dhankhar
দুদিনীয়া ভ্ৰমণসূচীৰে তেলেংগানা আৰু অন্ধ্ৰপ্ৰদেশলৈ উপৰাষ্ট্ৰপতি জগদীপ ধনখড়