কেন্দ্ৰীয় উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী পিয়ুছ গোৱেলে কাইলৈৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে চৌদি আৰৱ ভ্ৰমণ কৰিব। মন্ত্ৰীগৰাকীৰ এই ভ্ৰমণৰ উদ্দেশ্য হৈছে দেশ দুখনৰ মাজৰ কৌশলগত অংশীদাৰিত্ব অধিক শক্তিশালী কৰা আৰু বাণিজ্য, বিনিয়োগ তথা অর্থনৈতিক সহযোগিতাৰ ন-ন দিশ অন্বেষণ কৰা। এই ভ্ৰমণৰ সময়ত শ্রীগোৱেলে ৰিয়াধত আয়োজিত ভৱিষ্যত বিনিয়োগ উদ্যমৰ অষ্টম সংস্কৰণতো অংশগ্ৰহণ কৰিব। মন্ত্ৰীগৰাকীয়ে লগতে চৌদি আৰৱৰ মন্ত্ৰীসকলৰ সৈতেও দ্বিপাক্ষিক বৈঠকত মিলিত হৈ শক্তি পৰিৱৰ্তন, ডিজিটেল পৰিৱৰ্তন আৰু বাণিজ্যিক সুবিধাসমূহ অধিক শক্তিশালী কৰাৰ ক্ষেত্ৰত সন্মিলিত প্রয়াস সন্দৰ্ভত আলোচনা কৰিব। শ্রীগোৱেলে লগতে কৃষি, খাদ্য সুৰক্ষা, শক্তি, প্রযুক্তি আৰু আন্তঃগাথনি আদি ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰা অৰ্থনীতি আৰু বিনিয়োগ কমিটিৰ দ্বিতীয় মন্ত্ৰী পৰ্যায়ৰ বৈঠকত সহ অধ্যক্ষতা কৰিব ।
Assamese | October 28, 2024 8:20 PM | Piyush Goel
দুদিনীয়া কাৰ্যসূচীৰে মন্ত্ৰী পীয়ুষ গোৱেলৰ চৌদি আৰৱ ভ্ৰমণ