অসম পর্যটন উন্নয়ন নিগমে ঐতিহাসিক দীঘলীপুখুৰীৰ পানী পৰিস্কাৰ কৰাৰ বাবে পদক্ষেপ গ্রহণ কৰিছে। পর্যটন উন্নয়ন নিগমৰ পৰিচালন সঞ্চালক পদ্মপাণি বৰাই আজি এখন সংবাদমেলত এই বিষয়ে প্রকাশ কৰে। সেই অনুসৰি আয়ৰলেণ্ডৰ এগৰাকী বিজ্ঞানী উদ্ভাৱন কৰা আৰু আই আই টি কানপুৰৰ দ্বাৰা পৰীক্ষণ সম্পন্ন হোৱা স্মার্ট অ’প্ছ নামৰ এটা পাৰিপাৰ্শ্বিক প্রযুক্তি কোম্পানীৰ সহায়ত দীঘলীপুখুৰীৰ পানী পৰিস্কাৰ কৰি তোলাৰ লগতে ইয়াৰ গুণগত মান উন্নীত কৰা হ’ব। নিগমৰ সঞ্চালকগৰাকীয়ে কয় যে এই প্রযুক্তি ইতিমধ্যে ইউৰোপ, আফ্ৰিকাৰ বহু দেশত প্ৰদূষিত পানী বিশুদ্ধ কৰাৰ বাবে ব্যৱহাৰ কৰা হৈছে। ইয়াৰ জৰিয়তে বিশেষ ব্যৱস্থাৰে পানীৰ সেউজীয়া প্ৰলেপ, দুৰ্গন্ধ, শেলুৱৈ আৰু আৱৰ্জনা নিষ্কাষণ কৰিব পৰা যাব। ইয়াৰ ফলত পানীৰ অক্সিজেনৰ পৰিমাণ বৃদ্ধি পাব বুলি সঞ্চালকগৰাকীয়ে জানিবলৈ দিয়ে।
Assamese | May 8, 2025 8:06 PM | Dighali Pukuri
দীঘলীপুখুৰীৰ পানী পৰিস্কাৰ কৰাৰ পদক্ষেপ গ্রহণ