দিল্লী বিমান বন্দৰত আজি ১৩৮ খন বিমানৰ সেৱা বাতিল কৰা হয়। ইয়াৰ ভিতৰত অৱতৰণ কৰিবলগীয়া ৪ খন আন্তঃৰাষ্ট্ৰীয় বিমান, যাত্ৰা কৰিবলগীয়া ৫ খন আন্তঃৰাষ্ট্ৰীয় বিমান, ৬৩ খন অৱতৰণ কৰিবলগীয়া ঘৰুৱা বিমান আৰু ৬৬ খন যাত্ৰা কৰিবলগীয়া ঘৰুৱা বিমান আছে। যাত্রীসকলক শেহতীয়া বিমানৰ তথ্যৰ বাবে সংশ্লিষ্ট সংস্থাৰ তথ্য পৰীক্ষা কৰিবলৈ আৰু বিকল্প যাত্ৰাৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনোৱা হৈছে।
পাকিস্তানৰ শেহতীয়া আগ্রাসী মনোভাবৰ প্ৰতি লক্ষ্য ৰাখি কিষণগঢ়, ভুন্তৰ আৰু লুধিয়ানা বিমান বন্দৰ বন্ধ কৰি দিয়া হৈছে। ইয়াৰ পূৰ্বে ৰাজস্থান, পাঞ্জাব, জম্মু-কাশ্মীৰ, চণ্ডীগড় আৰু হিমাচল প্ৰদেশকে ধৰি কেইবাখনো ৰাজ্যৰ বিমান বন্দৰৰ সেৱা বাতিল কৰা হৈছে। ইপিনে, অ-সামৰিক বিমান পৰিবহণ মন্ত্ৰ্যালয়ে সমগ্ৰ দেশৰ বিমান বন্দসমূহ বন্ধ কৰি দিয়া হৈছে বুলি কেতবোৰ সংবাদ মাধ্যমত প্ৰচাৰিত বাতৰিক খণ্ডণ কৰিছে। বিমান কর্তৃপক্ষই যাত্রীসকলক নিৰ্দিষ্ট সূত্ৰৰ ওপৰতহে ভৰষা কৰিবলৈ আহ্বান জনাইছে।
Assamese | May 9, 2025 8:17 PM | Flight Ban
দিল্লী বিমান বন্দৰত আজি ১৩৮ খন বিমানৰ সেৱা বাতিল