January 10, 2025 1:07 PM | Delhi Election update

printer

দিল্লী বিধানসভা নিৰ্বাচনৰ বাবে আজি অধিসূচনা জাৰি

দিল্লী বিধানসভা নিৰ্বাচনৰ বাবে আজি অধিসূচনা জাৰি কৰা হ’ব। অধিসূচনা জাৰি কৰাৰ লগে লগে মনোনয়ন পত্ৰ দাখিলৰ প্ৰক্ৰিয়াও আৰম্ভ হ’ব। ইচ্ছুক প্ৰাৰ্থীসকলে ১৭ জানুৱাৰীলৈ মনোনয়ন পত্ৰ দাখিল কৰিব পাৰিব আৰু ২০ জানুৱাৰীত মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন হ’ব। ৭০ জনীয়া দিল্লী বিধানসভাৰ বাবে অহা ৫ ফেব্ৰুৱাৰীত নিৰ্বাচন অনুষ্ঠিত হ’ব আৰু ৮ ফেব্ৰুৱাৰীত ভোটগণনা কৰা হ’ব। এইবাৰৰ নিৰ্বাচনত ১ কোটি ৫৫ লাখৰো অধিক ভোটদাতাই ভোটদানৰ অধিকাৰ সাব্যস্ত কৰিব। ইয়াৰে ভিতৰত ৮৩ লাখৰো অধিক পুৰুষ আৰু ৭১ লাখৰো অধিক মহিলা ভোটাৰ আছে। শাসনাধিস্থিতিত আম আদমী পার্টীয়ে ইতিমধ্যে দিল্লী বিধানসভাৰ আটাইকেইটা সমষ্টিৰ বাবে প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে। বিজেপিয়ে বৰ্তমানলৈকে ২৯ গৰাকী আৰু কংগ্ৰেছে ৪৮ গৰাকী প্ৰাৰ্থী তালিকা প্রকাশ কৰিছে।