দিল্লীৰ ৭০ খন আসন বিশিষ্ট বিধানসভাৰ বাবে কাইলৈ ভোটগ্ৰহণ কৰা হ’ব। নির্বাচন নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে। কাইলৈ পুৱা ৭ বজাত ভোটগ্ৰহণ আৰম্ভ হ’ব আৰু সন্ধিয়া ৬ বজাত সামৰণি পৰিব। এইবাৰৰ নিৰ্বাচনত ১ কোটি ৫৬ লাখ ভোটদাতাই ৬৯৯ গৰাকী প্ৰাৰ্থীৰ ৰাজনৈতিক ভাগ্য নির্ণয় কৰিব। অহা শনিবাৰে এই নিৰ্বাচনৰ ভোটগণনা কৰা হ’ব।
নির্বাচন আয়োগে দিল্লীৰ বিধানসভা নিৰ্বাচনৰ বাবে এক লাখ ৮০ হাজাৰৰো অধিক বিষয়া-কৰ্মচাৰী নিয়োগ কৰিছে৷ ইফালে নিৰ্বাচনৰ পূৰ্বে ২০২ কোটি টকাৰো অধিক মূল্যৰ সুৰা, ড্ৰাগছ, গুৰুত্বপূৰ্ণ সামগ্ৰী আৰু নগদ ধন জব্দ কৰা হৈছে। ইয়াৰ ভিতৰত ৮৮ কোটি টকাৰ মাদক দ্ৰব্য আৰু ৮১ কোটি টকাৰ গুৰুত্বপূৰ্ণ সামগ্ৰী আছে। নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ইয়াৰ সৈতে জড়িত বিষয়াসকলৰ সুবিধার্থে ভোটগ্ৰহণ আৰু ভোটগণনাৰ দিন কেইটাত পুৱা ৪ বজাৰ পৰাই দিল্লী মেট্ৰ’ সেৱা আৰম্ভ কৰাৰ ব্যৱস্থা কৰা হৈছে।
Assamese | February 4, 2025 6:30 PM | Delhi Election
দিল্লী বিধানসভাৰ কাইলৈ ভোটগ্ৰহণ