দিল্লী চৰকাৰে আজি ৰাষ্ট্ৰীয় ৰাজধানীত ড০ ভীমৰাও আম্বেদকাৰৰ কাইলৈ উদযাপন কৰিবলগীয়া জয়ন্তী উপলক্ষে ৱাকাথনৰ আয়োজন কৰে। কেইবাশ শিশুৱে অংশগ্ৰহণ কৰা ৱাকাথন দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাই মুকলি কৰে। এই উপলক্ষে আয়োজিত অনুষ্ঠানত ভাষণ দি শ্ৰীমতী গুপ্তাই কয় যে দিল্লী চৰকাৰ বাবাচাহেবে প্ৰতিষ্ঠা কৰা পথ অনুসৰণ কৰিবলৈ উৎসর্গিত। চৰকাৰে ৰূপায়ণ কৰা কাৰ্যসূচীসমূহৰ জৰিয়তে প্ৰতিটো শিশুৱে ড০ আম্বেদকাৰৰ বিষয়ে জানিব পাৰিব আৰু তেঁওৰ স্মৃতিক সন্মান জনাব বুলি তেওঁ কয়।
Assamese | April 13, 2025 6:15 PM | Walkathon Delhi
দিল্লী চৰকাৰ ভীমৰাও আম্বেদকাৰে প্ৰতিষ্ঠা কৰা পথ অনুসৰণ কৰিবলৈ উৎসর্গিতঃ দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তা