মাদক দ্রব্য নিয়ন্ত্রণ ব্যুৰ’ চমুকৈ NCBয়ে কালি দিল্লীত অভিযানত চলাই প্রায় ৯০০ কোটি টকাৰ কোকেইন জব্দ কৰিছে। গৃহ মন্ত্ৰালয়ে এটা বিবৃতিত কয় যে, জব্দ কৰা নিষিদ্ধ সামগ্রী সমূহৰ কিছু অংশ কুৰিয়াৰ বা সৰু মালবাহী সেৱাৰ জৰিয়তে অষ্ট্ৰেলিয়ালৈ প্ৰেৰণৰ লক্ষ্য লৈছিল। মন্ত্ৰালয়ে জনোৱা মতে, এই গোচৰৰ সৈতে জড়িত ব্যক্তিসকল মূলতঃ হাৱালাৰ জৰিয়তে ধনৰ লেনদেন কৰে আৰু দৈনন্দিন কথা-বতৰাৰ বাবে ছদ্মনাম ব্যৱহাৰ কৰে। এতিয়ালৈকে এই সন্দৰ্ভত দুজন গুৰুত্বপূৰ্ণ সদস্যক গ্ৰেপ্তাৰ কৰা হৈছে আৰু জব্দ কৰা কোকেইনৰ উৎস চিনাক্ত কৰি অধিক নিচাযুক্ত সামগ্রী উদ্ধাৰৰ বাবে তদন্ত অব্যাত ৰাখিছে।
Assamese | November 16, 2024 10:56 AM | Cacoine seized
দিল্লীত NCBৰ অভিযানত প্রায় ৯০০ কোটি টকাৰ কোকেইন জব্দ